IMD Likely Torrential Rains In State Till October 9 :
বিগত তিনিদিন ধৰি গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ অধিকাংশ জিলাত অব্যাহত আছে নেৰানেপেৰা বৰষুণ।
দক্ষিণ – পূৰ্ব এছিয়াৰ দুৱাৰ মুখ তথা স্মাৰ্ট চিটি গুৱাহাটীত তিনিদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰৰ চৌদিশে এতিয়া পানী আৰু পানী ৷ মহানগৰীৰ প্ৰায়বোৰ অঞ্চল এতিয়া কৃত্রিম বানৰ কবলত ৷
সদাব্যস্ত আৰ জি বৰুৱা পথকে ধৰি বহু উপ-পথ আৰু আবাসীক অঞ্চলৰ বাসগৃহত এককাল পৰ্যন্ত পানী হোৱাত ব্যাহত হৈ পৰিছে জনজীৱন৷ একেদৰে
ৰাস্তা-ঘাট, বাট-পথ ডুব যোৱাত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ৷
আনহাতে শুক্ৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ৰাজ্যৰ বহুকেইখন জিলাত ৰেড এলাৰ্ট, অৰেঞ্জ আৰু ইয়েল’ এলাৰ্ট জাৰি কৰিছে ।
আগন্তুক দুটা দিনলৈ গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ জিলাত প্ৰৱল বৃষ্টিপাত, ধুমুহা বতাহ আৰু বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে।
বতৰ বিজ্ঞা
ন কেন্দ্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, শুক্ৰবাৰৰ পৰা সোমবাৰলৈ ৰাজ্যৰ অধিকাংশ স্থানতে ধাৰাষাৰ বৰষুণ হ’ব পাৰে ৷ অৱশ্যে শুক্ৰবাৰে গুৱাহাটী সহ ইয়াৰ উপকন্ঠ অঞ্চলকে ধৰি বিভিন্ন জিলাত দিনৰ ভাগত বতৰ ডাৱৰীয়া হৈ থাকিব যদিও সন্ধিয়া ভাগৰ পৰা ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য মতে, কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাছাৰ জিলাত অত্যধিক বৰষুণৰ আশংকা কৰি জাৰি কৰা হৈছে ৰেড এলার্ট ৷
একেদৰে, গোৱালপাৰা, বৰপেটা আৰু বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে নলবাৰী, কাপৰূপ (গ্ৰাম্য), কামৰূপ(নগৰ), দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও,কৰিমগঞ্জ, লখিমপুৰ আৰু ডিব্ৰুগড়ক হালধীয়া এলাৰ্ট জাৰি কৰা হয় ৷
মনকৰিবলগীয়া যে, নগাওঁ, কাৰ্বি আংলং, বিশ্বনাথ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ মাজুলি, গোলাঘাট, শোণিতপুৰ, ওদালগুৰি, মৰিগাওঁ, হোজাই, কাছাৰ আৰু হাইলাকান্দিত বতৰ ডাৱৰীয়া হৈ থাকিব ৷ এই কেইখন জিলাত বৰষুণ পৰাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰা হৈছে ৷






























