Nobel Peace Prize Awarded To Iranian Imprisoned Human Rights Activist Narges Mohammadi:ইৰানৰ কাৰাবন্দী মানৱাধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদিলৈ ২০২৩ বৰ্ষৰ শান্তিৰ ন’বেল বটাঁ

narges mahammadi

Nobel Peace Prize Awarded To Iranian Imprisoned Human Rights Activist Narges Mohammadi:

আজি ২০২৩ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা কৰা হয় ৷ ইৰানৰ কাৰাবন্দী মানৱাধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদিলৈ চলিতবৰ্ষৰ বাবে আগবঢ়োৱা হয় শান্তিৰ ন’বেল বটাঁ৷

ইৰাণত মহিলাৰ ওপৰত চলোৱা উৎপীড়ণৰ বিৰুদ্ধে যুঁজিছিল মহম্মদীয়ে ৷ মহিলাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ বাবে তেওঁক দিয়া হয় এই সন্মান ৷

উল্লেখ্য যে,নাৰ্গিছ মহম্মদি ইৰাণৰ এগৰাকী মানৱাধিকাৰ কৰ্মী আৰু সাংবাদিক ৷যি মহিলাৰ অধিকাৰ আৰু মৃত্যুদণ্ড ৰদ কৰাৰ বাবে অহৰহ যুঁজ দিয়া অধিবক্তা ।

মানৱাধিকাৰ কৰ্মী গৰাকী ইৰাণত একাধিকবাৰ কাৰাবাসৰ সন্মুখীন হৈছিল আৰু আনকি ‘ৰাষ্ট্ৰদ্ৰোহ’ কৰাৰ অভিযোগত বৰ্তমান দীঘলীয়া কাৰাবাস খাটি আছে।

নাৰ্গিছক কাৰাবন্দী কৰি ৰখাৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিন্দা আৰু গৰিহণাৰ সন্মুখীন হৈছিল ইৰাণী চৰকাৰ ৷

স্মতৰ্ৱ্য যে,শান্তি গৱেষণা প্ৰতিষ্ঠান অছলো (পিআৰআইঅ’)ৰ সঞ্চালক হেনৰিক উৰ্দালে মন্তব্য কৰে, “ইতিহাসই আমাক দেখুৱাইছে যে মানৱ অধিকাৰৰ প্ৰতি সন্মান শান্তিপূৰ্ণ সমাজৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত। সেয়েহে মানৱ অধিকাৰৰ বাবে অহিংস সংগ্ৰাম হৈছে শান্তি আৰু স্থিৰতাৰ বাবে এক মূল্যৱান অৱদান ।

যিহেতু এই বছৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰৰ ৭৫ তম বাৰ্ষিকী ৷ এনে প্ৰেক্ষাপটত নবেল সংক্ষিপ্ত তালিকাখনে মানৱ অধিকাৰ ৰক্ষক আৰু কৰ্মীসকলক উৰ্ধত কৰাৰ বাবে যোগ্য হিচাপে প্ৰতিফলিত হৈছে ।

Exit mobile version