8.5 Crore Yaba Tablets Seized In Cacher:কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

৮ কোটি টকাৰ য়াবা টেবলেটসহ আটক ৫ সৰবৰাহকাৰী

yaba tablets seized 1

8.5 Crore Yaba Tablets Seized In Cacher:

কাছাৰত শেহতীয়াকৈ সংগোপনে ড্ৰাগছ মাফিয়া চক্ৰই সংগোপনে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ বিপৰীতে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে ৷ তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান

যোৱা নিশা কাছাৰ আৰক্ষী,বিএছ এফ আৰু চি আৰ পি এফৰ যুটীয়া দলে বিশেষ সূত্ৰৰ পম খেদি দুটা সুকীয়া সুকীয়া স্থানত অৰ্তকিতে অভিযান চলাই ৪৩ হাজাৰ য়াবা টেবলেট

 

কাছাৰৰ ৰামনগৰ বাইপাছত বিএছএফ আৰু তাৰাপুৰত আৰক্ষীৰ অভিযানত জব্দ হয় ৩০ হাজাৰ য়াবা টেবলেট ।‌ উল্লেখ্য যে,য়াবা টেবলেট কঢ়িয়াই অনা দুই সৰবৰাহকাৰীয়ে উল্লিখিত টেবলেট খিনি বিক্ৰী কৰিবলৈ আনোতে য়াৱা টেবলেট সহ আটক কৰে আৰক্ষীয়ে ৷ লগতে জব্দ কৰা হয় তিনিখন বাইক ৷ জব্দকৃত বাইক কেইখনৰ নম্বৰ এএছ-১১এছ-২৭০৩ , এএছ-১১ডব্লুউ-০৪৯৭ আৰু এএছ-০১ডি-৪৭৮৮, এএছ-১১এছ-২৭০৩ । ধৃত সৰবৰাহকাৰী দুটাৰ নাম চাহাৰুল ৰহমান আৰু মজিবুৰ ৰহমান ৷

আনহাতে আন এক ড্ৰাগছ বিৰোধী অভিযানত কাছাৰৰ কালাইন আৰক্ষী আৰু চিআৰপিএফৰ যৌথ দলে বিশেষ সূত্ৰৰ পম খেদি ধূমকৰৰ পৰা ১৩ হাজাৰ য়াবা টেবলেট সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ সৰবৰাহকাৰী তিনিটা হ’ল ৰিজুল আহমেদ , চাহিন আহমেদ বৰভুঞা আৰু জাবিৰ হুছেইন ৷

দুই স্থানত জব্দ কৰা ৪৩ হেজাৰ য়াবা টেবলেটৰ মূল্য প্ৰায় ৮.৫ কোটি টকা হ’ব বুলি অনুমান কৰিছে কাছাৰ আৰক্ষীয়ে ৷

Exit mobile version