Chain Sanateched Guwahati :মহানগৰীত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস !

পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

thift

Chain Sanatched In Guwahati:

কুম্ভকৰ্ণ নিদ্ৰাৰত গুৱাহাটী আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ইটোৰ পাছত সিটোকৈ, চিলনী চোৰৰ সোণৰ চেইন কাঢ়ি নিয়া কাণ্ড অব্যাহত আছে ৷

আজিও দিন দুপৰতে মহানগৰীৰ ৰাজগড়ৰ কুণ্ডিল নগৰত সংঘটিত হয় চেইন কাঢ়ি নিয়া কাণ্ড ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মমিতা বৰাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন ৷

অধিবক্তা গৰাকীয়ে পুৱা ভাগত প্ৰাতঃভ্ৰমণ কৰি নিজৰ ঘৰলৈ উভতি আহি ঘৰৰ গেট পাওঁতেই দুই দুৰ্বৃত্তই বুকুত হস্তনির্মিত পিষ্টল টোঁৱাই কাঢ়ি নিয়ে সোণৰ চেইন ৷
উল্লেখ্য যে,সাহসী অধিবক্তা গৰাকীয়ে প্রায় তিনি মিনিট সময় ধৰি দুর্বৃত্তৰে অকলে যুঁজিছিল যদিও পাছত ৰিভলভাৰ দেখুৱাই চেইন লুট কৰি উধাও হয় ৷
এইখিনিতে প্ৰশ্ন হয়,মহানগৰীৰ স্মাৰ্ট আৰক্ষী টোপনিৰ পৰা কেতিয়া সাৰ পাব ৷ চিলনী চোৰক কৰায়ত্ত কৰিবলৈ সাজু হ’বনে আৰক্ষী৷এইয়া মহানগৰবাসীৰ লাখটকীয়া প্ৰশ্ন ৷

Exit mobile version