Bilasipara Theft In Brahmaputra River:ব্রহ্মপুত্রৰ বুকুত জলদস্যুৰ লোমহৰ্ষক ডকাইতি

অস্ত্রধাৰী ডকাইতে লুটিলে প্ৰায় ১০ লাখ টকা, ডকাইতৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত ছজন ব্যৱসায়ী

theft attack bilasipara

Bilasipara Theft In Brahmaputra River:

বিলাসীপাৰাৰ শাইলধৰাত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত চাঞ্চল্যকৰ ডকাইতি ঘটনা ৷ সশস্ত্ৰ ডকাইতৰ দলে ব্যৱসায়ীৰ পৰা লুটি নিলে প্ৰায় বিশ লক্ষাধিক টকা ৷

প্ৰাপ্ত খবৰ অনুসৰি , বজাৰৰ পৰা ব্রহ্মপুত্র নদীৰে নাৱেৰে গৃহাভিমুখী হোৱা ব্যৱসায়ী দলটোক এখন অন্য নাৱৰে অহা সশস্ত্র ডকাইতৰ দলটোৱে আগভেটি ধৰি আক্রমণ কৰি লুটপাত চলাই। আনকি অস্ত্ৰধাৰী ডকাইতৰ দলৰ আক্ৰমণত ছজনকৈ ব্যৱসায়ী আঘাতপ্ৰাপ্ত হয়।

আনহাতে ডকাইতৰ এই তাণ্ডৱৰ কথা আন ব্যৱসায়ীৰ ম’বাইলৰ জৰিয়তে খবৰ পায় নদীৰ পাৰত অৱস্থান কৰে বহু সংখ্যক ৰাইজ ৷ নদীৰে আহি থকা নাও খন ৰাইজে ঘেৰাও কৰে ৷ফলত দুজন ডকাইত কৰায়ত্ত হয় যদিও আন কেইজন ডকাইত এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে ৷ ৰাইজে আটক কৰা ডকাইত দুটা হ’ল ছাহজামাল আৰু ছাদ্দাম হুছেইন ৷

আনহাতে ডকাইতৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ব্যৱসায়ী ছজনক ৰাইজে ভৰ্তি কৰে বিলাসীপাৰাৰ চিকিৎসালয়ত ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে আটক কৰি থোৱা দুই দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ লগতে পলায়ন কৰা আন ডকাইতৰ সন্ধানত নদী আৰক্ষীৰ সহযোগত নদীৰ বুকুত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version