Drug Peddlers Arrested With Rs 5 Crore:পঞ্জাৱত নাৰ্কটিক বিভাগৰ বৃহৎ অভিযান

পাঁচ কোটি সহ আটক ড্ৰাগছ সৰবৰাহকাৰী

panjab paddler arrested 1

Drug Peddlers Arrested With Rs 5 Crore:

পঞ্জাৱত দেশৰ নাৰ্কটিক বিভাগৰ বৃহৎ অভিযানত জব্দ হয় ৪.৯৪ কোটি টকাৰ লগতে ৩৮খনকৈ বাহনৰ নকল নম্বৰ প্লেট ৷ লগতে গ্ৰেপ্তাৰ হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

বিশেষ খবৰৰ ভিত্তিত আভ্যন্তৰীণ নাৰ্কটিক বিভাগৰ এটা বৃহৎ দলে পঞ্জাৱ আৰক্ষী আৰু জম্মু- কাশ্মীৰ আৰক্ষীৰ সহযোগত পঞ্জাৱৰ মুলানপুৰ ঢাকা অঞ্চলত অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৪.৯৪ কোটি টকাৰ লগতে ৩৮খনকৈ বাহনৰ নকল নম্বৰ প্লেট ৷ অভিযানত আটক কৰে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক  ৷ জব্দ কৰা হয় এটা ৰিভলভাৰ ৷

উল্লেখ্য যে,ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে দেশৰ কে’বাখনো ৰাজ্যত ৰজু আছে গোছৰ ৷ সৰবৰাহকাৰীজনৰ নাম মনজিৎ সিং

ইতিমধ্যে পঞ্জাৱ আৰক্ষী আৰু জম্মু- কাশ্মীৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াজনক ৷

Exit mobile version