Guwahati Fake Financial Orgranaigation:চাকৰি প্ৰদানৰ নামত মহানগৰীত গঢ় লৈ উঠিছে ভুৱা প্ৰতিষ্ঠান

প্ৰৱঞ্চনাৰে সৰকাইছে লক্ষ লক্ষ টকা

fake company

Guwahati Fake Financial Orgranaigation:

প্ৰশাসনৰ জ্ঞাতসাৰেই মহানগৰীত শেহতীয়াকৈ ইটোৰ পাছত সিটোকৈ গঢ় লৈ উঠিছ ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৷ এনেবোৰ প্ৰতিষ্ঠানে নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে কেৰোণেৰে সৰকাইছে লক্ষ লক্ষ টকা ৷

শেহতীয়াকৈ মহানগৰীৰ ছয়মাইলস্থ চলিউশ্যন চাৰ্ভিচ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ১০০ শতাংশ গেৰাণ্টিসহ ভাৰতীয় ডাক বিভাগত চাকৰি দিয়াৰ নামত বিজ্ঞাপন প্ৰকাশ কৰি নিবনুৱা যুৱক-যুৱতীৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰিছে কে’বা লক্ষাধিক টকা ৷

আনহাতে এই ভুৱা প্ৰতিষ্ঠানটোৱে মেৰাপানীৰ বহু সংখ্যক যুৱক- যুৱতীক বন্ধন বেংকত চাকৰি দিয়াৰ নামত পঞ্জীয়ন মাচুল হিচাপে সংগ্ৰহ কৰিছে পাঁচশ টকাকৈ ৷ উল্লেখ্য যে,প্ৰতাৰিত হোৱা যুৱক- যুৱতী সকলে মেৰাপানীৰ ডাকঘৰত খবৰ লোৱাতহে সকলো কথা পোহৰলৈ আহে ৷ সকলো নিশ্চিত হয় যে,মহানগৰীৰ ছয়মাইলস্থ চলিউশ্যন চাৰ্ভিচ নামৰ বিত্তীয় প্ৰতিষ্ঠনটি ভুৱা ৷

মনকৰিবলগীয়া যে,এই প্ৰতিষ্ঠানটিয়ে আনকি বিজ্ঞাপন দি ৪০ দিনৰ ভিতৰত চাকৰি নহ’লে সকলোকে টকা উভতাই দিয়াৰ গেৰাণ্টি পৰ্যন্ত দিছিল ৷ কিন্ত কাৰ্যত: সকলো ফুটুকাৰ ফেনত পৰিণত হয় ৷

মেৰাপানীৰ দুখীয়া-দৰিদ্ৰ নিবনুৱা ছাত্ৰ-ছাত্ৰীৰ পৰা চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে লাখ লাখ ধন সংগ্ৰহ কৰি শেহতীয়াকৈ অন্তধাৰ্ন হোৱা চলিউশ্যন চাৰ্ভিচৰ ধুৰন্ধৰ কৰ্মকৰ্তাক এতিয়া নাকি লগাব কোনে ৷ এইয়া এতিয়া সকলোৰে বাবে লাখটকীয়া প্ৰশ্ন ৷গুৱাহাটী মহানগৰ প্ৰশাসনে মহানগৰৰ অলিয়েগলিয়ে কাঠ ফুলাৰ দৰে গঢ়ি উঠা ভুৱা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে !

Exit mobile version