17 Police Including SP Leena Doley Questioned At Janata Bhawan:বটদ্ৰৱা থানা কাণ্ডক লৈ এছ পি লীনা দলে সহ ১৭ জনক তলব গৃহ আৰু ৰাজনৈতিক বিভাগৰ

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাগৃহত লীনা দলে সহ আন সকলক জেৰা এজনীয়া তদন্ত কমিটিৰ

leena doloi 1

17 Police Including SP Leena Doley Questioned At Janata Bhawan:

২০২২ ৰ ২১ মে’ত নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অগ্নিকাণ্ড আৰু তাৰ পূৰ্বে সংঘটিত কাণ্ড সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে তলৱ কৰে নগাঁৱৰ তদানীন্তন এছ পি লীনা দলে,এএছপি ধ্ৰুৱ বৰা সহ ১৭জন আৰক্ষীক

সেই অনুসৰি বৃহস্পতিবাৰে দিছপুৰস্থ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত হয় এছ পি লীনা দলে,নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, তদানীন্তন উপ-আৰক্ষী অধীক্ষক ত্ৰিদ্বীপ প্ৰতীম কুম্বাল, দিপ্তী মালী, দুলৰ্ভ চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন এচ ডি পি অ মৃন্ময় দাস সহ ১৭ জনকৈ আৰক্ষী।

আটাইকেই গৰাকী আৰক্ষী বিষয়াকে এজনীয়া তদন্ত কমিটিৰ মুৰব্বী তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এপি দাস যোশীয়ে মুখ্যমন্ত্ৰীৰ সভাগৃহত এজন এজনকৈ জেৰা কৰে ৷

উল্লেখ্য যে, ২০২২ চনৰ ২১ মে’ত নগাঁৱৰ বটদ্ৰৱা থানাৰ জিম্মাত থকা হাজোতি হাল্লাবৰীৰ চফিকুল ইছলাম নামৰ যুৱক জনৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত একাংশ লোকে থানা জ্বলাই লণ্ডভণ্ড কৰাৰ লগতে কে’বাজনো আৰক্ষীক দলবদ্ধভাৱে আক্ৰমণ কৰে ৷ ফলত আহত হয় আৰক্ষী কেইগৰাকী ৷

আনকি সেই সময়ত থানাত থকা এজন হাজোতি পলায়ন কৰি যাবলৈ সক্ষম হৈছিল ৷ দিন দুপৰতে আৰক্ষী থানা জ্বলাই দিয়া আৰু আৰক্ষীক প্ৰহাৰ কৰাৰ সন্দৰ্ভত আটক কৰা হৈছিল থানা আক্ৰমণ কৰা দুস্কৃতিকাৰী সকলক ৷

আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এজন হাজোতীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত বটদ্ৰৱা থানাত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত বৃহস্পতিবাৰে এজনীয়া তদন্ত কমিটিয়ে তলব কৰা অনুসৰি নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ জন আৰক্ষী বিষয়াক জেৰা কৰা হয় ৷

Exit mobile version