Student Suicide In Nagaon:
নগাঁৱৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসত অঘটন ৷ চিলিং ফেনত চিপজৰী লৈ আত্মহণন এগৰাকী ছাত্ৰীৰ।
নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত সংঘটিত হয় এই ঘটনা ৷
মহাবিদ্যালয় খনৰ ছাত্ৰীনিবাসৰ কোঠাত আত্মহনন কৰাৰ পূৰ্বে পিতৃ- মাতৃক উদ্দেশ্য কৰি লিখি যায় এখন চুইছাইড নোট ৷ চুইছাইড নোটত লিখা আছে “মা-পাপা মোক ক্ষমা কৰি দিবা”৷
আনহাতে, মৃত ছাত্ৰী গৰাকীৰ নাম মাৰজানা কাদিৰ লস্কৰ ৷ ঘৰ হোজাই জিলাৰ লংকাত ৷বি. ভিঅচিৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী গৰাকীয়ে কি কাৰণত চৰমপন্থা গ্ৰহণ কৰিলে এই সন্দৰ্ভত জানিব পৰা নাই ৷
ইতিমধ্যে হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
উল্লেখ্য যে,ছাত্ৰী গৰাকীক কেই গৰাকী মান সহপাঠীয়ে উল্লেখ কৰামতে,কেইদিনমান ধৰি অসুস্থ হৈ আছিল ছাত্ৰী গৰাকী। আনকি বৃহস্পতিবাৰে পুৱা চিকিৎসকৰ ওচৰলৈ গৈছিল । সন্দেহ কৰা মতে,চিকিৎসকক স্বাস্থ্য পৰীক্ষা কৰি আহিয়ে আত্মহনন দৰে চৰম পন্থা গ্ৰহণ কৰে ছাত্ৰী গৰাকীয়ে ৷