Yaba Tablets Seized In Lakhipur:কাছাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ

২০ হাজাৰ য়াবা টেবলেট সহ আটক সৰবৰাহকাৰী

yaba tablets seized

Yaba Tablets Seized In Lakhipur:

কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে অসম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় বিশহাজাৰ য়াবা টেবলেট

বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন স্কুটীত তালাচী চলাই উল্লিখিত পৰিমাণৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,শিলচৰ -ইম্ফল ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কণ্ঠআৱৰত এ এচ ১১কে-৫২৫৩ নম্বৰৰ স্কুটী এখনৰে সৰবৰাহকাৰীয়ে বিক্ৰীৰ বাবে আনিছিল য়াবা টেবলেটখিনি। ধৃত সৰবৰাহকাৰীটোৰ নাম মাৰকুলিনৰ সিএমথাৰ মাৰ ।

জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা বুলি নিশ্চিত কৰিছে অসম ৰাইফলছে।

ইতিমধ্যে আটকাধীন সৰবৰাহকাৰীজনক লক্ষীপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version