Guwahati Beharbari Murder:মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

beharbari murder case

Guwahati Beharbari Murder:

মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ সংঘটিত হ’ল আৰু এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে শোৱাপাটীতে ডিঙি চেপি হত্যা কৰিলে পত্নীক ৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে পাষাণ স্বামী ৷

প্ৰাপ্ত খবৰ অনুসৰি,বেহাৰবাৰীৰ সোণকুছিত ভাড়াতীয়া হিচাপে থকা গোৱালপাৰাৰ জেল হক নামৰ দিন হাজিৰা কৰা লোকজনে বৃহস্পতিবাৰে নিশা পত্নী হামেদা বেগমৰ স’তে কিবা বিষয়ক লৈ কাজিয়া সৃষ্টি হয় ৷ ইয়াৰ মাজতে খংত হিতাহিতজ্ঞানশূন্য হৈ জেল হকে পত্নীক ডিঙি চেপি হত্যা কৰি নিশাই পলায়ন কৰে ৷

দুটা সন্তানৰ মাতৃ গৰাকীক হত্যা কৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সোণকুছিত ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰে তদন্ত ৷

স্থানীয় লোকে উল্লেখ কৰা মতে,নিশা হ’লেই দুই পতি-পত্নীৰ মাজত কাজিয়াপেচাল লগাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি পত্নীহন্তা জেল হকে নিজৰ গৃহ জিলাগোৱালপাৰাৰ লক্ষীপুৰ থানাত আত্মসমৰ্পণ কৰিছে ৷ ইতিমধ্যে জেল হকক মহানগৰ আৰক্ষীক চমজাই দিবৰ বাবে লক্ষীপুৰ থানাৰ আৰক্ষী দল এটা গুৱাহাটী অভিমুখে ৰাওনা হৈছে ৷

Exit mobile version