Khanapara Firing:মহানগৰীৰ কইনাধৰাত নিশা গুলীয়াই যুৱকক হত্যা কৰা ঘটনাৰ আঁৰত পত্নী !

kahanapara firing

Khanapara Firing:

বৃহস্পতিবাৰে নিশা মহানগৰীৰ সদাব্যস্ত খানাপাৰাৰ কইনাধৰাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল অঞ্জন নাথ নামৰ যুৱক এজনক ৷ এই ঘটনাৰ তীব্ৰ চাঞ্চল্যৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে ন ন তথ্য ৷

উল্লেখ্য যে,বৃহস্পতিবাৰে সন্ধিয়া অঞ্জন নাথ নামৰ যুৱকজনে নিজৰ পালচাৰ বাইকৰে কইনাধৰাৰ শহুৰেকৰ ঘৰলৈ গৈ থকা পথত কইনাধৰা পাবলৈ মাত্ৰ কিছু দুৰত্ব থকাৰ সময়তে স্কুটিত অহা দুৰ্বৃত্তৰ নিচিই ওচৰলৈ আহি বুকুত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ তেজেৰে তুমৰলি হৈ পৰা অঞ্জনক স্থানীয়লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত অঞ্জনৰ ঘৰ বশিষ্টৰ লতাকটাত ৷

নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে খালী কাৰ্টিজ ৷ ইতিমধ্যে আজি অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ দল পুৱাতে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি শেহতীয়াকৈ তথ্য পোহৰলৈ আনিছে বুলি জানিব পৰা গৈছে ৷
আনহাতে আঠ মাহৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা অঞ্জনে পত্নীক এঘাৰ দিনৰ পূৰ্বে নিজৰ বশিষ্ট ঘৰলৈ নিছিল ৷ অঞ্জনৰ পৰিয়ালে দুয়োৰে সম্পৰ্কক স্বীকাৰ কৰা নাছিল ৷ আনহাতে অঞ্জন আছিল পত্নীৰ তৃতীয় স্বামী৷ প্ৰাপ্ত খবৰ অনুসৰি দুয়োৰে হোৱা নাছিল আনুষ্ঠানিক বিবাহ ৷

একেদৰে অঞ্জন পত্নীকৈ বয়সত বহু সৰু ৷ একেদৰে পত্নীৰ প্ৰথম স্বামী মণিপুৰৰ আৰু দ্বিতীয়টো স্বামী শিলচৰৰ আছিল। দ্বিতীয় স্বামী ফালৰ পৰা পত্নীৰ আছে এটি পাঁচ বছৰীয়া সন্তান। বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে দুয়ো পতি -পত্নী হিচাপে আছিল ৷ অঞ্জনৰ পত্নী আছিল পাৰ্লাৰৰ কৰ্মচাৰী ৷ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ সময়ত পত্নী আছিল কইনাধৰাৰ পিতৃ গৃহত ৷

কি কাৰণত কোনে গুলীয়ালে অঞ্জনক ৷ এই সন্দৰ্ভত উদ্থাপিত হৈছে কেতবোৰ প্ৰশ্ন ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বলি হ’ল নেকি অঞ্জন ? অঞ্জনৰ পৰিয়ালে অঞ্জনৰ হত্যাৰ বাবে আঙুলি টোৱাইছে পত্নীলৈ ৷ অৱশ্যে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ ক্ষীপ্ৰ তদন্তইহে উন্মোচিত কৰিব প্ৰকৃত ৰহস্য ৷

Exit mobile version