Cattle Seized In Meghalaya International Border:মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফৰ অভিযানত জব্দ ৫৬টা গৰু

cattle seized

Cattle Seized In Meghalaya International Border:

বিএছএফৰ ১৭২ নং বেটেলিয়নৰ টহলকাৰী দল এটাই গোপন সূত্ৰৰ পম খেদি মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৫৬ টাকৈ চোৰাং গৰু
চুবুৰীয়া ৰাজ্য খনৰ পূব জয়ন্তীয়া পাহাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে বাংলাদেশলৈ চোৰাংভাৱে এখন বাহনৰে সৰবৰাহকাৰীয়ে নি থকা পথত জব্দ হয় ৷

প্ৰাপ্ত তথ্য মতে, পূব জয়ন্তীয়া পাহাৰৰ সোণাপুৰ দলঙত পহৰাৰত বি এছ এফৰ টহলকাৰী দল এটাই এখন বাহন দেখা পাই ৰখিবলৈ সংকেত দিয়ে যদিও তাৰ পৰিৱৰ্তে বাহন খন উমকিয়াং অঞ্চলৰ ফালে লৈ পলায়ন কৰে ৷

অৱশ্যে পাছত বিএছএফৰ টহলকাৰী দলটোৱে ঘন জংঘলৰ মাজত গৰুভৰ্তি বাহন খন জব্দ কৰে যদিও বাহন খনৰ চালক আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল ৷ নিশা এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

বিএছএফে বাহন খনৰ পৰা উদ্ধাৰ কৰে ৩৫ টা গৰু ৷ ইতিমধ্যে বিএছএফে জব্দকৃত গৰু চমজাই  দিয়ে উমকিয়াঙ আৰক্ষী চকীত ৷

Exit mobile version