Opium Seized In Bokajan:বোকাজানত আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ অপিয়াম

opium seized

Opium Seized In Bokajan:

বোকাজানৰ খটখটি আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ অপিয়াম ৷ জব্দকৃত অপিয়াম খিনিৰ পৰিমাণ ৭ কেজিতকৈ অধিক ৷ ডিমাপুৰ দিশৰ পৰা এখন বাহনৰে আহি থকা চাৰি সৰবৰাহকাৰীক খটখটী আৰক্ষীয়ে আগুচি ধৰে ৷

পাছত বাহনহখনত তালাচী চলাই উল্লিখিত পৰিমাণৰ অপিয়াম খিনি জব্দ কৰিবলৈ সক্ষম হয় খটখটী আৰক্ষী ৷ লগতে আৰক্ষীয়ে আটক কৰে চাৰি সৰবৰাহকাৰী ক্ৰমে মণিপুৰৰ সাগৰ ঢুংগানা,বিহাৰৰ গণেশ যাদৱ, সুনীল কুমাৰ সিং আৰু খটখতি খাৰিয়া বস্তিৰ তাৰবীৰ গুৰুঙক ৷

ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে পেডলাৰ কেইটাক ৷

Exit mobile version