Asom Satra Mahasabha Setubandha:অসমৰ জাতি- জনজাতিৰ সমন্বয়ৰ অনুষ্ঠান “সেতু বন্ধ” মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী গড়মূৰ সত্ৰত

asom satra mahasabha 1

Asom Satra Mahasabha Setubandha:

অসম সত্ৰ মহাসভাৰ খিলঞ্জীয়া জাতি জনজাতিৰ সমন্বয়ৰ “সেতু বন্ধ” অনুষ্ঠান মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত অহা ডিচেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ’ব।

শ্ৰীশ্ৰী গড়মূৰীয়া সত্ৰাধিকাৰ পৰমানন্দ গোস্বামী, গড়মূৰৰ ভকত-বৈষ্ণৱ তথা স্থানীয় ৰাইজৰ লগত মাজুলী জিলা সত্ৰ মহাসভা আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্রধানে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তিনিদিনীয়াকৈ হ’বলগীয়া “সেতু বন্ধ” অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত তিনিখন অঙ্কীয়া ভাওনা মিচিং, ৰাভা আৰু কছাৰী জনজাতিয়ে পৰিবেশন কৰাৰ লগতে বিভিন্ন জাতি জনজাতিৰ লোকৰ সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান থাকিব।

ইয়াৰ উপৰিও সম্মানীয় সত্ৰাধিকাৰ সকলৰ সন্মিলন, ধৰ্মীয় অনুষ্ঠান, আইমাতৃ, যুৱক-যুৱতী, কিশোৰ-কিশোৰী (ছাত্র-ছাত্রী), শিল্পী, কলাকৌশলী, শিপিনীৰ লগতে হস্তশিল্প, গ্ৰন্থ, চাৰু- কাৰু-কলা তথা মুখা আদিৰ প্ৰদৰ্শন কৰা হ’ব।

অহা নবেম্বৰ মাহত “সেতু বন্ধ” অনুষ্ঠানৰ আদৰণি সমিতি শ্ৰীশ্ৰী গড়মূৰীয়া সত্ৰাধিকাৰ, স্থানীয় ৰাইজ, মাজুলী জিলা সত্ৰ মহাসভাৰ সত্ৰাধিকাৰ প্ৰভুসকল, হিতৈশী আৰু আজীৱন সদস্য সকলৰ উপস্থিতিত ৰাজহুৱা সভাত এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হ’ব আৰু যুদ্ধকালীন গতিৰে” সেতু বন্ধ”ৰ কামখিনি কৰা হ’ব বুলি মত প্ৰকাশ কৰে ।

অসম সত্ৰ মহাসভাৰ সম্পাদক প্রধান কুসুম কুমাৰ মহন্তই “সেতু বন্ধ” অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ প্ৰতিখন জিলাৰ পৰা সক্ৰিয় সহযোগিতা আশা কৰা হৈছে। এই অনুষ্ঠানলৈ অসমৰ সকলো ভকত-বৈষ্ণৱ তথা অসমত বাসকৰা সনাতন হিন্দু সকলক সহযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনায়।

Exit mobile version