Flat Sale :মহানগৰীত ফ্লেট বিক্ৰীৰ নামত বিল্ডাৰৰ চূড়ান্ত বহুৱালি !

৮০ শতাংশ আগধন লৈও নিৰ্মাণ নকৰি প্ৰতাৰণা,ছবছৰে সম্পূৰ্ণ নহ'ল নিৰ্মাণকাৰ্য

japarigog flat incident

Flat Sale :

উত্তৰ -পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত এটা ফ্লেট কিনাটো প্ৰতিজন লোকৰে এটা সপোন ৷ এনে সপোন বাস্তৱায়িত কৰিবৰ বাবে ঋণ লৈ নিজৰ কষ্টোপাৰ্জিত ধনৰে ফ্লেট কিনিবলৈ গৈ ধুৰন্ধৰ বিল্ডাৰৰ প্ৰতাৰণাৰ বলি হৈছে ১৫ টা ভুক্তভোগী পৰিয়াল ৷

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি,মহানগৰীৰ জাপৰিগোগ অঞ্চলত কে চিক্স কনষ্ট্ৰাকশ্বনৰ স্বতাধিকাৰ ৰাজ বৰুৱা নামৰ বিল্ডাৰ জনে নিৰ্মাণ কৰিবলগীয়া এপাৰ্টমেণ্টৰ ১৫ ফ্লেট কিনাৰ উদ্দেশ্যৰে ১৫ টা পৰিয়ালৰ নিয়ম অনুসৰি চুক্তিবদ্ধ হয় বিগত ২০১৭-১৮বৰ্ষত ৷

আনহাতে চুক্তিপত্ৰ উল্লেখ থকা অনুসৰি তিনিবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি ফ্লেট সমূহ চমজাই দিব পৰিয়াল কেইটাক ৷ কিন্ত আজি ছবছৰ দিন অতিক্ৰম কৰাৰ পাছতো এপাৰ্টমেণ্টটো সম্পূৰ্ণ হৈ নুথিল ৷ ৭০ শতাংশ কাম কৰিয়ে অৰ্ধনিৰ্মিত কৰি ৰাখিছে বিল্ডাৰ ৰাজ বৰুৱাই ৷

আনহাতে ভুক্তভোগী পৰিয়াল কেইটাই ফ্লেটৰ নিৰ্ধাৰিত ধনৰ ৮০ শতাংশ দিয়াৰ পাছতো নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত বিল্ডাৰজনলৈ পৰিয়াল কেইটাই ফোন কৰিলেই ফোন ৰিচিভ নকৰে ৷ কেতিয়াবা ধৰিলেও ওলোতাই ভয় ভাবুকি দিয়াৰহে অভিযোগ উদ্থাপিত হৈছে ৷

মনকৰিবলগীয়া যে,কে চিক্স কনষ্ট্ৰাকশ্বনৰ স্বতাধিকাৰ ৰাজ বৰুৱা নামৰ বিল্ডাৰ জনৰ বিৰুদ্ধে উদ্থাপিত আন এক অভিযোগ হ’ল এই একেইখিনি ফ্লেট দিয়াৰ নামত আন বহুতৰে পৰা আগধন হিচাপে লৈছে ৩০ লক্ষাধিক টকা ৷

বেংকৰ পৰা ঋণ লৈ ফ্লেট ল’ব বিছৰা পৰিয়াল কেইটাই প্ৰৱঞ্চকৰূপি বিল্ডাৰজনৰ শেহতীয়া ৰহস্যজনকস্থিতি লৈ মুৰে কপালে হাত দিছে ৷  এনে প্ৰেক্ষাপটত ভুক্তভোগী পৰিয়াল কেইটাই ঠকবাজ বিল্ডাৰজনৰ বিৰুদ্ধে আৰক্ষী আৰু RERA ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে ৷

Exit mobile version