Morigaon Theft:মৰিগাঁৱত অঘটন !

দিনদুপৰতে চিআৰপিএফৰ জোৱানৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫ লক্ষাধিক

morigaon incident

Morigaon Theft:

মৰিগাঁৱত বৃহস্পতিবাৰে দিন দুপৰতে সংঘটিত হয় এক অঘটন । এজন চিআৰপিএফ জোৱানক স্পে’মাৰি দুৰ্বৃত্তই লুটি নিয়ে প্ৰায় পাঁচ লক্ষাধিক টকা ।
পুৱাৰ ভাগত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় চহৰখনৰ পাঁচ নং ৱাৰ্ডৰ গোহাঁই গাঁৱত ৷

শ্ৰীনগৰত কৰ্মৰত বকুলগুৰিৰ চিআৰপিএফ জোৱান মৃদুল কুমাৰ নাথে ছুটি লৈ কিছুদিন পূৰ্বে নিজগৃহত উপস্থিত হৈছিল ৷

আজি পুৱাৰ ভাগত চিআৰপিএফ জোৱানজনে বেংকৰ পৰা ৫.৪০ লাখ টকা উঠাই গোহাঁই মাৰ্কেটৰ দিশে গৈ থকাৰ সময়তে হঠাতে মটৰ চাইকলত অহা দুই দুৰ্বৃত্তই মুখত স্প্ৰে’ মাৰি অচেতন কৰি লুটি নিয়ে টকা ভৰ্তি বেগটো

পাছত ভুক্তভোগী জোৱানজনে কিংকৰ্তব্যবিমূঢ় হৈ মৰিগাঁও আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷ আনহাতে মৰিগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version