Un Brahma Gold Cup Football:ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল

শ্বিলং লাজং চেম্পিয়ন

bodofa scaled

Un Brahma Gold Cup Football:

ওদালগুৰি জিলা ক্ৰীড়া সন্থা আৰু ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত চলি থকা ২৯ সংখ্যক সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুলবল প্ৰতিযোগিতাখনিৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়।

চূড়ান্ত খেলখনত শ্বিলংলাজং এফচিয়ে গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলৰ প্ৰথম অৰ্দ্ধৰ ৩০ মিণিটত শ্বিলংৰ ফ্ৰাংকিয়ে প্ৰথমটো গল দিবলৈ সক্ষম হয়। ইয়াকে লৈ খেলৰ প্ৰথম অৰ্দ্ধ ১-০ গলেৰে শ্বিলং আগুৱাই থাকে।

খেলখনৰ দ্বিতীয় অৰ্দ্ধত বিদ্যুৎ পৰিষদে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে যদিও গল দিবলৈ সক্ষম নহয়। অৱশ্যে খেল সম্পূৰ্ণ হোৱাৰ কিছু মূহুৰ্তত পূৰ্ৱে বিদ্যুৎ পৰিষদে এটা পেনাল্টি শ্বটৰ সুযোগ লাভ কৰে যদিও গল দিবলৈ সক্ষম নোহোৱাত শ্বিলং লাজং ১-০ গলৰ ব্যৱধানত প্ৰতিযোগিতাখনিৰ চেম্পিয়ন হবলৈ সক্ষম হয়।

আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শ্বিলংৰ ফ্ৰাংকিয়ে। প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলৰ বিজেতা দলক ট্ৰফীসহ নগদ ৩০ হাজাৰ টকাৰ চেক প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াৰ লগতে ইএম নিলুট স্বৰ্গীয়াৰীয়ে।

আনহাতে বিজয়ী লাজঙক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে বিটিআৰৰ উপ-মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু এমচিএলএ সঞ্জয় স্বৰ্গীয়াৰীয়ে।

আজিৰ চূড়ান্ত খেলখনৰ মাজতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। খেলখনত বহু বিশিষ্ট ব্যক্তিৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰি খেল উপভোগ কৰে।

Exit mobile version