Traffic Police Deputy Commissioner Jayanta Sarathi Bara Pressmeet:দুৰ্গা পূজাৰ সময়ছোৱাত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা

মহানগৰ যান-বাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত সাৰথি বৰাই সদৰি কৰা নিষেধাজ্ঞাবোৰ কি কি !

pressmeet 1

Traffic Police Deputy Commissioner Jayanta Sarathi Bara Pressmeet:

আজি মহাষষ্ঠী। দুৰ্গাপূজাক লৈ ৰাজ্যৰ চৌদিশে দেখা গৈছে ব্যাপক উছাহ উদ্দীপনা। মহানগৰীতো পূজাৰ প্ৰস্তুতি তুংগত ৷ পূজাৰ সময়ত মহানগৰীত হ’ব পৰা ভীৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজপথত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰে ৷

সেই অনুসৰি গধুৰ যান-বাহন পুৱা চাৰি বজাৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত ৷ এই নিষেধাজ্ঞা বাহাল থাকিব মহাসপ্তমীৰ পৰা দশমীলৈকে
(২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ) একেদৰে বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো আন কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

দিনৰ এঘাৰ বজাৰ-নিশা বাৰ বজালৈ ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে যাব নোৱাৰিব বাহনসমূহ ৷ অৱশ্যে এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্রত ৷

আনহাতে,গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতু পৰ্যন্ত ওৱান ৱে’ আৰু জু-ৰোডৰ দিশেৰে অহা বাহন গণেশ মন্দিৰৰ দিশত প্রৱেশ কৰিব নোৱাৰিব ৷ একেদৰে গণেশ মন্দিৰ দিশৰ পৰা শংকৰদেৱ পথো হ’ব ওৱান ৱে’ ৷

ইপিনে,জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যোৱা বাহনৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অৱশ্যে পথছোৱাৰে কেৱল স্থানীয় বাসিন্দাৰ বাহনহে যাব পাৰিব ৷
আনপিনে,বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ কৰাৰ বিপৰীতে বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ কৰা হৈছে ৷ বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ন’ এন্ট্রি জাৰি কৰা হয় ৷

একেদৰে ত্রিপুৰা গলিৰ পৰা সৌৰভনগৰ দিশলৈ যান-বাহন প্রৱেশত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যান-বাহন প্রৱেশতো নিষেধাজ্ঞা কৰা হয় ৷ অৱশ্যে এইক্ষেত্ৰত এই পথৰে মাত্ৰ স্থানীয় বাসিন্দাৰ বাহনহে চলাচল কৰিব পাৰিব ৷

ইপিনে,ফটাশিল চাৰিআলিৰ ৬,৭, ৮ নং ৰে’ল গেটতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷কুমাৰপাৰাৰ পাঁচআলিৰ সতী জয়মতী পথতো যান-বাহন প্রৱেশত নিষেধাজ্ঞা ৷
চাবিপুলৰ পৰা বিষ্ণুপুৰৰ ফটাশিল চাৰিআলিলৈ যান-বাহন প্রৱেশতো নিষেধাজ্ঞা ৷ ইয়াৰোপৰি আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

উল্লেখ্য যে,উজনি-নামনিৰ বাছসমূহ বেতকুছিস্থ ISBTলৈ পোনপটীয়াকৈ আহিব লাগিব ৷ সেই অনুসৰি জি এছ ৰোডৰ ৰোডৰ বাছসমূহ ৰাষ্ট্রীয় ঘাইপথ হৈ যাব লাগিব ৷
চিটীবাছসমূহৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়তহে চলিব ৷

আনহাতে, দশমীৰ বিসৰ্জনৰ দিনা প্ৰতিমা কঢ়িয়াই অনা বাহনসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব ৷ এই ক্ষেত্ৰত কেতবোৰ নিদেৰ্শনা দিয়া হৈছে ৷ সেই অনুসৰি প্রতিমা বিসৰ্জনৰ বাহনহে হাইক’ৰ্ট হৈ লাচিতঘাটলৈ যাব পাৰিব যদিও উলুবাৰী, টিচি ৰোডলৈ আহিব নোৱাৰিব ৷ মনকৰিবলগীয়া যে,প্রতিমা বিসৰ্জনৰ বাহনৰ বাবে বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব দশমীৰ দিনটোৰ বাবে ৷

অন্যহাতে,পাণ্ডু ঘাটলৈ কোনো বাহন মালিগাঁও হৈ যাব নোৱাৰিব ৷ উল্লেখযোগ্য,মহানগৰ যানবাহন আৰক্ষীৰ ডিচিপি গৰাকীয়ে সদৰি কৰে যে,চিটীবাছসমূহৰ বাবে আৰ চি বুক ফাইন কৰা হ’ব৷ চিটীবাছসমূহক এক মিনিট সময়ৰ টাইম কাৰ্ড প্রদান কৰা হ’ব ৷ সেই অনুসৰি মাত্ৰ এক মিনিটৰ বাবেহে বাছ আস্থানত ৰ’ব পাৰিব চিটীবাছ ৷

দুৰ্গা পুজাৰ দিন কেইদিনত সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত থকাৰ ইংগিত দিয়ে ডিচিপি গৰাকীয়ে ৷

উল্লেখ্য যে,ইতিপূর্বে আৰক্ষী আৰু পৰিবহণ বিভাগে গ্রহণ কৰা যুটীয়া কর্মপন্থাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পথ দুৰ্ঘটনা ৰোধৰ বাবে আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিছিল।

Exit mobile version