Cattle Seized In Hawajan:
দুৰ্গা পূজাৰ মহাষষ্ঠীৰ আনন্দ-উছাহৰ মাজতে গহপুৰৰ হাৱাজানত আৰক্ষীৰ নিয়মীয়া তালাচী জব্দ হ’ল এখন অইল টেংকাৰ ৷
সময়ে সময়ে আৰক্ষীৰ অভিযানত অইল টেংকাৰ পৰা ভাং বা অন্য নিষিদ্ধ সামগ্ৰী জব্দ কৰে যদিও এইবাৰ হ’ল ব্যতিক্ৰম ৷ চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে এইবাৰ টেংকাৰত সৰবৰাহ কৰিছে গো-ধন ৷
শুক্ৰবাৰে নিশা গহপুৰৰ হাৱাজানত আৰক্ষীয়ে গোপন খৱৰৰ ভিত্তিত এখন অইল টেংকাৰত ক্ষীপতাৰে তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২০ টাকৈ গৰু।এএছ০৫-১৬৫৫ নম্বৰৰ অইল টেংকাৰৰ পৰা জব্দ কৰে হাৱাজান আৰক্ষী চকীৰ আৰক্ষীয়ে কলাবাৰীত জব্দ কৰিবলৈ সক্ষম হয় উল্লিখিত গো-ধন কেইটা ৷
উল্লেখ্য যে,গো- ধন কঢ়িয়াই অনা অইল টেংকাৰ খনে গোপনে গৰু খিনি লখিমপুৰ আৰু ধেমাজীৰ পৰা আনি নগাঁও হৈ গুৱাহাটী অভিমুখে নি থকাৰ পৰিকল্পনা আছিল ৷
আনহাতে নিশা ডেৰ বজাত আৰক্ষীয়ে অভিযান চলাই টেংকাৰ খন জব্দ কৰে যদিও এন্ধাৰৰ সূযোগ লৈ টেংকাৰ খনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে ৷
আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷