Digboi:
ডিগবৈ শোধনাগাৰৰ গোলাই টার্মিনেলৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ভয়ংকৰ অঘটন ৷ ৰৈ থকা তেল ভর্তি টেংকাৰত সংঘটিত হয় অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ দাওঁ দাওকৈ জ্বলি উঠা টেংকাৰ খনৰ কাষত আছিল আন কেইবাখনো তেল ভর্তি টেংকাৰ ৷ যাৰবাবী আতংকিত হৈ পৰে স্থানীয় লোক ৷ এক হাহাকাৰময় পৰিস্থিতিৰ মাজতে ঘটনাস্থলীত কে’বাখনো অগ্নি নিৰ্বাপকৰ গাড়ী উপস্থিত হৈ অহৰত চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম ৷ স্বস্তিৰ নিশ্বাস স্থানীয় লোক ৷

ADVERTISEMENT



































