Brahmaputra River:শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী,দিনে দুফুটকৈ !

ক্ৰমাৎ বিলুপ্ত হৈছে সোঁতৰ তীব্ৰতা, বিগত এটা সপ্তাহৰ পৰা দ্ৰুতগতিত নিম্নগামী হৈছে লুইতৰ জলস্তৰ,চিন্তাম্বিত পৰিৱেশবিদ

lachitghat

Brahmaputra River:

এমাহ পূৰ্বে সপ্তাহজোৰা বৰষুণত জলন্তৰ ঊর্ধ্বগামী হোৱা ব্ৰহ্মপুত্ৰৰ বুকুত হঠাতে দ্রুত গতিত নিম্নগামী হৈছে জলস্তৰ। সাধাৰণতে অক্টোবৰৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হ’বলৈ আৰম্ভ কৰে যদিও এইবাৰ সংশ্লিষ্ট সকলো পক্ষক স্তম্ভিত কৰি প্ৰতিদিনে দুফুটকৈ হ্ৰাস পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ পানী।

ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ সূত্ৰই আজি সদৰী কৰা তথ্য মতে, গুৱাহাটীৰ ফাঁচীবজাৰৰ কাছমাৰী ঘাটত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে এসপ্তাহ পূর্বে বিভাগে নিৰ্মাণ কৰা বাঁহৰ অস্থায়ী দলংখন আজি বিজয়া দশমীৰ দিনা অন্তঃসাৰশূন্য হৈ পৰিছে।

কিয়নো এসপ্তাহ পূর্বে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যিটো পৰ্যায়ত আছিল, তাৰ তুলনাত মঙলবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ১২ ফুট পর্যন্ত তললৈ নামি গৈছে। উপায়হীন হৈ জল পৰিবহণ বিভাগে দশমীৰ দিনা ব্ৰহ্মপুত্ৰত প্ৰতিমা বিসৰ্জনৰ বাবে অন্তিম মুহূৰ্তত চান্দৰডিঙা আৰু এম ভি উমাচল নামৰ দুখন জাহাজ ব্যৱহাৰ কৰিবলগীয়া হয়।

উল্লেখ্য যে এসপ্তাহ পূর্বে কাছমাৰী ঘাটত ২০ ফুট পানী থকা স্থানত প্ৰতিমা বিসর্জনৰ ব্যৱস্থা কৰিছিল যদিও বিগত ছটা দিনতে সেই একেখিনি স্থানত মাত্ৰ আঠ ফুট গভীৰতাৰ পানীহে আছে। অর্থাৎ বিগত এটা সপ্তাহত প্রতিদিনে দুফুটকে পানী শুকাইছে ব্ৰহ্মপুত্ৰৰ। এয়া ৰাজ্যখনৰ বাবে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বুলিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগে শংকা প্রকাশ কৰে।

অৱশ্যে ব্ৰহ্মপুত্ৰৰ পানী এনেদৰে অতি কম সময়তে নিম্নগামী হোৱাৰ বিষয়টোত কোনো অস্বাভাৱিকতা নাই বুলি অনুমান বাক্ত কৰিছে বিশিষ্ট ভূ-গৱেষণাবিদ ড° অৱনী ভাগৱতীয়ে।

ব্ৰহ্মপুত্ৰৰ পানী শুকোৱা প্ৰসংগত ড° ভাগৱতীয়ে কয় যে ব্ৰহ্মপুত্ৰত হঠাতে পানী শুকাবলৈ ধৰা বিষয়টো স্বাভাৱিক দৃষ্টিৰে চাবলৈ হ’লে বিশেষ অস্বাভাৱিকতা নাই। কিয়নো প্ৰায় এমাহ পূর্বে অভাৱনীয় হাৰত হোৱা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকু পানীৰে ওফন্দি উঠিছিল।

যিহেতু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে সেই সময়ত বৰষুণ হৈছিল, সেয়েহে ব্ৰহ্মপুত্ৰৰ বুকুৰে একে সময়তে বৃহৎ হাৰত পানী নামি অহাত পানী বাঢ়িছিল; কিন্তু এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিগত কিছুদিন ধৰি বৰষুণ নাই । গতিকে ব্ৰহ্মপুত্ৰৰ পানী হঠাতে নিম্নগামী হ’বলৈ ধৰিছে বুলি অনুমান কৰিব পাৰি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড: ভাগৱতীয়ে অৱশ্যে কয় যে চীনে ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলতে বান্ধ নিৰ্মাণ কৰাৰ যি খবৰ বিয়পিছে, এনে বান্ধেও ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰবাহিত পানী নিম্নগামী কৰাত অৰিহণা যোগাব পাৰে।

আকৌ প্রায় তিনি হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ বালিচহীয়া মাটিৰে পৰিবেষ্টিত। যিহেতু বিগত বহুদিন ধৰি বা নাই, সেয়েহে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এনে বালিচহীয়া মাটিয়েও ব্ৰহ্মপুত্ৰৰ পানী শুহি লোৱাটো বাঢ়িছে। এনে স্থলত এই ব্ৰহ্মপুত্ৰৰ বুকুত পানী ব্যাপক হাৰত কমি যোৱাৰ আহত আৰত কোনো অস্বাভাবিকতা নাই।

ড° ভাগৱতীয়ে আৰু কয় যে যিহেতু পানীৰ পৰিসৰ কমি আহিছে, গতিকে ব্ৰহ্মপুত্ৰৰ জানো সোঁতৰ তীব্ৰতাও কমিছে। অৱশ্যে ইয়াৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল অর্থাৎ তিব্বতত চীনে বৃহৎ বান্ধ নির্মাণ কৰাৰ প্ৰসংগত তেওঁ কয় যে এনে বান্ধৰ ফলতো ব্ৰহ্মপুত্ৰৰে প্রবাহিত পানী কিছু হ’লেও ক্ষতিগ্ৰস্ত হৈছে। তেওঁ এইবুলিও কয় যে তিব্বতৰ পৰা য়াবলাং চাংপাৰে যিমান পানী নামি আহে তাৰ লগত বেছিভাগ পানী যোগ হয় অৰুণাচলৰ বিভিন্ন নৈ-Lachitউপনৈসমূহৰ পৰা।

এনে প্ৰেক্ষাপটত অৰুণাচলত বৰষুণ হ’লে ব্ৰহ্মপুত্ৰত পানী যাঢ়িবলৈ ধৰে। যিহেতু অৰুণাচলকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এতিয়া বৰষুণ নাই, গতিকে ব্ৰহ্মপুত্ৰৰ পানী শুকাবলৈ ধৰাৰ আৰত বিশেষ কোনো কাৰক জড়িত হৈ থকা নাই ৷

উল্লেখ্য যে কাছমাৰী ঘটিত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ স্তম্ভটোলৈ চালেই স্পষ্ট হয় প্রতিদিনে কিদৰে ব্ৰহ্মপুত্ৰৰ পানী নিম্নগামী হ’বলৈ ধৰিছে।

জল পৰিবহণ বিভাগে ব্যক্ত কৰা মতে, এনেদৰে আৰু কেইটামান দিন পানী শুকাই থাকিলে ব্ৰহ্মপুত্ৰৰ তলি উদং হ’ব। জল পৰিবহণৰ পথৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে খৰালি কালত জাহাজ চলাচল কৰাও কঠিন পৰিব বুলি বিভাগীয় কৰ্মচাৰীসকলে সদৰী কৰে।

লক্ষ্যণীয় যে ব্ৰহ্মপুত্ৰৰ বুকুত পানী কমাৰ লগতে সোঁতৰ তীব্রতাও দ্রুত গতিত কমি গৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত সোঁত নথকা বাবে দশমীৰ দিনা কাছমাৰী ঘাটৰ যিটো স্থানত প্রতি ঘণ্টাত কমেও ২০ খনকৈ প্রতিমা বিসর্জন দিয়া হৈছে সেই স্থানত দুখনকৈ সৰু জাহাজৰ জৰিয়তে তীব্ৰ বেগত পানী ঠেলি দিয়াৰ ব্যৱস্থা কৰিবলগীয়া হৈছে।

অৰ্থাৎ প্ৰতিমা বিসর্জনৰ লগে লগে নিৰ্দিষ্ট স্থানত ৰৈ থকা সৰু জাহাজ দুখনে পানী ঠেলি দিয়াৰ ফলতহে দেৱীৰ প্ৰতিমা দূৰলৈ উটি গৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত পানীৰ সোঁতৰ তীব্ৰতা এনেদৰে হ্ৰাস পোৱাৰ বিষয়টোও উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে।

Exit mobile version