Guwahati Highest Sale In Liquor:মহানগৰীত পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িলে অভিলেখ !

liqued

Guwahati Highest Sale In Liquor:

মহানগৰীত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ । পূজাৰ আনন্দ উছাহত উটি গ’ল মহানগৰীৰ সুৰাপায়ী । অষ্টমী, নৱমী, দশমীৰ এই তিনিটা দিনতে সুৰা বিক্ৰী হয় ২২.৫ কোটি টকা । ইতিমধ্যে এই তথ্য সদৰি কৰি আনন্দিত হৈছে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগ

উল্লেখ্য যে,সপ্তমীৰ দিনা বিক্ৰী সন্তোষজনক নাছিল যদিও বাকী তিনিদিনৰ পূজাত সুৰা বিক্ৰীয়ে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰে ৷ হোৰে হোৰে বিক্ৰী হয় সুৰা ৷ যেন সুৰাত ডুব যায় ৰঙীন গুৱাহাটী ৷

মনকৰিবলগীয়া যে, বিগতবৰ্ষত ৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল পূজাৰ তিনিদিনত ৷

আনহাতে বিশ্বকৰ্মা পূজাৰ দিনটোতো গুৱাহাটী মহানগৰীত ৮ .৩৮ কোটি টকাৰ বিদেশী সুৰা বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছিল।

Exit mobile version