Patalkot Express Train Fire:আগ্ৰা ষ্টেচনৰ সমীপত দাও দাওকৈ জ্বলি উঠিল চলন্ত ট্ৰেইন

ভস্মীভূত পাতালকূট এক্সপ্ৰেছৰ দুটাকৈ যাত্ৰীবাহী ডবা, প্ৰাণৰ মমতাত ডবাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা একাধিক যাত্ৰী

train 1

Patalkot Express Train Fire:

আগ্ৰা ষ্টেচনৰ সমীপত দাও দাওকৈ জ্বলি উঠিল চলন্ত ট্ৰেইন। পাতালকূট এক্সপ্ৰেছৰ দুটাকৈ ডবাত ভয়ংকৰ অগ্নিকাণ্ড । ঘটনাত আহত শতাধিক যাত্ৰী ৷

প্ৰাপ্ত খবৰ অনুসৰি,বুধবাৰে আবেলি আগ্ৰাৰ ওচৰৰ পাটালকট এক্সপ্ৰেছত প্ৰচণ্ড বিস্ফোৰণ হয় ৷ ইয়াৰ পাছতে দুটা সাধাৰণ ডবাত জুই লাগে ৷ হঠাতে হোৱা ঘটনাত বিতত হৈ হুৱাদুৱা লাগে যাত্ৰীসকলৰ মাজত ৷

যাত্ৰীসকলে প্ৰাণৰ মমতাত কোনোৱে যদি খিৰিকীয়ে জপিয়াইছে ৷ আন কোনোৱে আকৌ দুৱাৰৰে জপিয়াই প্ৰাণৰক্ষা কৰে ৷ ফলত একাধিক যাত্ৰী কম-বেছি পৰিমাণে আহত হয় ৷

উল্লেখ্য যে, মথুৰাৰ পৰা ঝাঁচীলৈ আহি আছিল পাটালকট এক্সপ্ৰেছ খন ৷ ঘটনাৰ পাছতে ৰে’লখন ৰখাই দিয়া হৈছিল আৰু সকলো যাত্ৰীক সুৰক্ষিতভাৱে নিৰাপদস্থানলৈ নিয়া হয় ৷ আনহাতে ঘটনাৰ পাচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

আনহাতে,ৰে’ল বিভাগে পাটালকট এক্সপ্ৰেছত সংঘটিত অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰে ৷

Exit mobile version