কিমান অভাৱগ্ৰস্ততাই কোঙা কৰিলে কেৱল পাহাৰৰ বনৰীয়া কচু বা আলু খাই জীৱন পাৰ কৰিব পাৰে মানুহে, জুৰিৰ পানী আৰু বনকচুৰ গুটিৰেই নিবাৰণ কৰিব পাৰে পুৱা-গধূলিৰ ভোক। এই পৰিস্থিতি হৈছে নগাঁও- কাৰ্বিআংলং জিলা সীমান্তৱৰ্তী কলিয়াবৰ মহকুমাৰ অন্তগৰ্ত দূৰ্গম পাহাৰাঞ্চল ডিজুভেলীত ৷ হাংচং পাহাৰৰ নামনিৰ অসম চাহ নিগমৰ অধীনস্থ ডিজুভেলী চাহ বাগিছাৰ ২৩ নং খণ্ডৰ জুৰিৰ পাৰৰ এটা অঞ্চলৰ এহাল বৃদ্ধ-বৃদ্ধাৰ দুৰ্দশাগ্রস্ত অৱস্থাই যেন গলাব পৰা নাই কঠোৰতকৈয়ো কঠোৰতম হৃদয়ৰ প্ৰতিজন মানুহৰো হৃদয় ৷ জানিব পৰা মতে বৃদ্ধ-বৃদ্ধাহালৰ নাম লখিমী ভৌমিক- শিৱ ভৌমিক ৷ এইহাল ৰোগাগ্ৰস্ত বৃদ্ধ দম্পতীৰ কৰুণ আৰ্তনাদে কঁপনি তুলিছে নগাঁও- কাৰ্বিআংলং সীমান্তৰ হাংচং পাহাৰৰ নামনিৰ এইখন ঠাই ৷
বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে ক’ৰনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ তলাবন্ধৰ প্ৰভাৱত এতিয়া সমগ্র দেশ। অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয় এই ক্ষেত্ৰত৷ কিন্তু এই তলাবন্ধৰ প্ৰভাৱত স্তব্ধ হৈ পৰা জনজীৱন আৰু সমাজ ব্যৱস্থাই যেন কোঙা কৰি পেলাইছে এইহাল বৃদ্ধ দম্পতীক৷ তলাবন্ধ আৰম্ভ হোৱাৰেপৰা খৰি বিক্ৰী কৰি অথবা অসম চাহ কোম্পানীৰ অন্তৰ্গত ডিজুভেলী চাহ বাগিচাত অংশকালিক শ্ৰমিকৰ কাম কৰি জীৱন নিৰ্বাহ কৰা এইহাল বৃদ্ধ-বৃদ্ধাৰ দুটিকৈ পুত্ৰ সন্তান আছে যদিও এই সময়ত যেন দুয়ো নিৰুদ্দেশ ৷ জেষ্ঠ পুত্ৰ পিতৃ-মাতৃ পৰা নিলগত থকাৰ লগতে আজিৰ পৰা কিছুবছৰ পূৰ্বে কৰ্মসূত্ৰে হাইদৰাবাদলৈ বুলি ৰাওনা হোৱা কণিষ্ঠ পুত্ৰ বহুদিন ধৰি নিৰুদ্দেশ ৷
ইফালে স্বামী শিৱ ভৌমিক দীৰ্ঘদিনে ৰোগাক্ৰান্ত হৈ শয্যাগত হোৱাত বৃদ্ধা লখিমী ভৌমিকেই এই কঠিন সময়ত পাহাৰৰ কচু বিচাৰি তাকে জুৰিৰ পানীত সিজাই পুৱা-গধুলি ভক্ষণ কৰি ৰক্ষা কৰিছে প্ৰাণ ৷ চকুৰ পানীৰে দুগাল তিয়াই এনেদৰেই পাৰ কৰিছে সময়বোৰ ৷ আনহাতে এই পাহাৰ অঞ্চলৰে নিমাই তাঁতী, বলোৰাম কৰ্মকাৰকে ধৰি কেবাটাও পৰিয়ালৰ একেই পৰিস্থিতি ৷ হাংচং আৰু চক্ৰৱৰ্তী পাহাৰৰ বনৰীয়া আলু-কচুৱেই যেন জীৱন নিৰ্বাহৰ একমাত্ৰ পথ এইসকল লোকৰ ৷
উল্লেখ্য যে, তলাবন্ধৰ প্ৰভাৱত অচল হৈ পৰিছে একাংশ শ্ৰমজীৱি লোকৰ জীৱন। খাদ্যৰ অভাৱত হাবিৰ আলু-কচু খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে কলিয়াবৰৰ এই ডিজুভেলী চাহ বাগিচাৰ একাংশ শ্ৰমিকে। অসম চাহ নিগমৰ অধীনস্থ ডিজুভেলী চাহ বাগিচাৰ ২৩ নং খণ্ডত পৰিলক্ষিত হৈছে তলাবন্ধৰ কৰুণ ছবিখন। তলাবন্ধৰ সময়ত কোনোধৰণৰ সহায়-সাহাৰ্যই ঢুকি নোপোৱা ডিজুভেলীৰ ২৩নং খণ্ডৰ এইসকল শ্ৰমজীৱি লোকে খাদ্যৰ অভাৱত পাহাৰৰ পৰা বিচাৰি অনা হাবিৰ আলু, কচু, ঢেকীয়া আদি খাই পাৰ কৰিছে জীৱন। চাহ নিগমৰ বাগিচাৰ শ্ৰমিক নোহোৱাৰ বাবে ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰি জীৱিকা অৰ্জন কৰে যদিও তলাবন্ধৰ ফলত বাগিচাসমূহ বন্ধ হৈ পৰাত অচল হৈ পৰিছে এইসকল শ্ৰমজীৱি লোকৰ উপাৰ্জনো। ফলত এসাজ খাই এসাজ নোখোৱাকৈ দিন পাৰ কৰিব লগা হৈছে এইসকল লোকে।
ইফালে, অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় এশটা পৰিয়ালে লাভ কৰা নাই চৰকাৰে প্ৰদান কৰা বিনামূলীয়া ৰেচন অথবা এহেজাৰ টকীয়া সাহাৰ্যও। অতন্ত্য পিছপৰা অঞ্চল হোৱাৰ বাবেই বেচকাৰী দল-সংগঠন নাইবা ব্যক্তিগত সহায়-সাহাৰ্যয়ো ঢুকি পোৱাগৈ নাই ডিজুভেলীৰ ২৩নং খণ্ডৰ বহুসংখ্যক লোকক। ফলত অনাহাৰে-অৰ্ধাহাৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে এইসকল লোকে। ইফালে, ভূতৰ ওপৰত দানহৰ দৰে সাহাৰ্য বিতৰণৰ নামত জনৈক ৰাম নায়ক নামৰ লোকজনে ২০০টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ধন দিব নোৱাৰাৰ বাবেই অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক লোকেই এই কঠিন সময়তো লাভ কৰা নাই চৰকাৰী ৰেচন অথবা সাহাৰ্য। এনে অৱস্থাত হাবিৰ অলু-কচুৰেই ভোক নিবাৰণ কৰিব লগা হৈছে ডিজুভেলী চাহ বাগিচাৰ ২৩নং খণ্ডৰ এইসকল লোকে।
ADVERTISEMENT