Road Accident In Assam:পূজাৰ সময়ছোৱাত ৰাজ্যত অভিলেখ সংখ্যক পথ দুৰ্ঘটনা

ষষ্ঠীৰ পৰা বিজয়া দশমীলৈ ৰাজ্যত সংঘটিত ৭৬৯টা পথ দুৰ্ঘটনা

accident 3

Road Accident In Assam:

দুৰ্ঘটনা বিহীন পূজা উপভোগ কৰাটো প্ৰতিজন লোকৰে কাম্য যদিও সদ্য সমাপ্ত দুৰ্গা পূজাৰ সময়ছোৱাত ৰাজ্যত অভিলেখ সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হয় ৷

ষষ্ঠীৰ পৰা বিজয়া দশমীলৈ ৰাজ্যত সংঘটিত হোৱা মুঠ পথ দুৰ্ঘটনাৰ সংখ্যা প্ৰায় ৭৬৯ টা ৷

উল্লেখ্য যে ,১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ এক সুত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ২০ অক্টোবৰৰ ষষ্ঠীৰ দিনাটোত ৰাজ্যত ১০৫ টা পথ দুৰ্ঘটনা হোৱাৰ বিপৰীতে ২১ অক্টোবৰৰ সপ্তমীৰ দিনটোত ৰাজ্যত সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যা ১৩৩টা ৷

আনহাতে ২২ অক্টোবৰৰ মহাষ্টমী দিনা সংঘটিত হয় ১৮৯টা পথ দুৰ্ঘটনা ৷২৩ অক্টোবৰৰ নৱমীৰ দিনটোত ১৭৬টা পথ দুৰ্ঘটনা হয় সমগ্ৰ ৰাজ্যত ৷

একেদৰে ২৪ অক্টোবৰৰ বিজয়া দশমীৰ দিনা ৰাজ্যত সংঘটিত হোৱা পথ দুর্ঘটনাৰ সংখ্যা ১৬৬টা ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পূজাৰ দিন কেইদিনত দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছিল যদিও কাৰ্য:ত সেইয়া ফুটুকাৰ ফেনহে পৰিণত হয় ৷ সজাগতাও ৰোধ কৰিব পৰা নোৱাৰিলে পথ দুৰ্ঘটনা ৷

বিগতবৰ্ষতকৈ এইবাৰ দুৰ্গা পূজাৰ দিনকেইদিনত ৰাজ্যত দুৰ্ঘটনা সংখ্যা অধিক ৷

Exit mobile version