Lili Hotel:মহানগৰীৰ হোটেল লিলিত বিৰোধী ঐক্যমঞ্চৰ ৰুদ্ধদ্বাৰ গুৰুত্বপূৰ্ণ বৈঠক

ভূপেন বৰা,লুৰিন,অখিল,মনোৰঞ্জন সহ আটাইকেইটা দলৰ নেতৃবৰ্গৰ অংশগ্ৰহণ, ১৩টা হ'ল বিৰোধী ঐক্যমঞ্চৰ দল, নতুনকৈ ঐক্যমঞ্চত চামিল হ'ল এ আই এফ বি

hotel lili

Lili Hotel:

মহানগৰীৰ হোটেল লিলিত কংগ্ৰেছ সহ বিৰোধী ঐক্যমঞ্চৰ বাৰটা দলৰ ৰুদ্ধদ্বাৰ গুৰুত্বপূৰ্ণ বৈঠক বৃহস্পতিবাৰে আবেলি দুই বজাৰ পৰা আৰম্ভ হৈছে ৷

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা,অজাপৰ লুৰিনোজ্যোতি গগৈ,ৰাইজৰ দলৰ সভাপতি অখিল গগৈ,চিপিএমৰ মনোৰঞ্জন তালুকদাৰ,অজিত কুমাৰ ভূঞা সহ আটাইকেইটা দনল নেতৃবৰ্গ উপস্থিত থাকে ৷

উল্লেখ্য যে,২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি ‘ইণ্ডিয়া’ৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অসমতো কংগ্ৰেছৰ উদ্যোগত গঢ় লোৱা বাৰটা ৰাজনৈতিক দলৰ ঐক্যমঞ্চৰ আজি লিলিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত ব্যাপক ৰণনীতি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে ৷
আনহাতে বৈঠকৰ অন্ততহে স্পষ্ট হ’ব কোন দলে ক’ত ক’ত প্ৰতিদ্বন্দ্ব্বীতা কৰিব ৷

স্মতৰ্ৱ্য যে, ইণ্ডিয়া’ৰ নেতৃত্বত কংগ্ৰেছ সহ দেশৰ বহুকেইটা ৰাজনৈতিক দল একগোট হৈছিল যদিও অসমত গঠন হোৱা বিৰোধী ঐক্যমঞ্চত শেহতীয়াকৈ ফাটমেলা পৰিলক্ষিত হয় ৷

বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷আনকি শিৱসাগৰৰ বিধায়কজনে ৰাইজৰ দল আৰু অজাপক ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ গুৰুত্বৰ অভিযোগ আনে এক সংবাদমেলৰ জৰিয়তে ৷
গগৈয়ে সংবাদমেলত স্পষ্টকৈ কয়,যোৰহাট সমষ্টি ৰাইজৰ দলক দিব লাগিব ৷

এনে প্ৰেক্ষাপটত আজি লিলিত অনুষ্ঠিত বাৰটা ৰাজনৈতিক দলৰ ঐক্যমঞ্চৰ সভাত দল সমূহৰ স্থিতি কি হ’ব সেইয়া হ’ব লক্ষণীয় ৷

আনহাতে আজি আনুষ্ঠানিকভাৱে বাৰটা বিৰোধী ঐক্যমঞ্চত চামিল হ’ল অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ৷
পূর্বে থকা দলসমূহ হ’ল কংগ্ৰেছ, জাতীয় দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি (এম), চি পি আই (এম এল),আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, আৰ জেডি,জেডিইউ ,এনচিপি ৷

Exit mobile version