Rape Case In Birubari:মহানগৰীত পুনৰ জঘন্য ঘটনা

দহ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, আৰক্ষীৰ জালত দুই লম্পট

rape case

Rape Case In Birubari:

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণ কাণ্ড ৷ সদ্য সমাপ্ত দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে দলবদ্ধ ধৰ্ষণৰ বলী এগৰাকী দহ বছৰীয়া কিশোৰী

ইতিমধ্যে ধৰ্ষিতা কিশোৰী গৰাকীৰ পৰিয়ালে আৰক্ষী চকীত গোচৰ দিয়াৰ পাছতহে এই নিকৃষ্ট ঘটনা পোহৰলৈ আহে ৷

মহানগৰীৰ বিৰুবাৰীত সংঘটিত হোৱা জঘন্য কাণ্ড সন্দৰ্ভত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে বিৰুবাৰী আৰক্ষী চকীত ধৰ্ষণৰ স’তে জড়িত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।

উল্লেখ্য যে, এজাহাৰত উল্লেখ কৰা মতে,এই ধৰ্ষণকাণ্ডৰ স’তে নয়ন বাঢ়ৈ নামৰ এজন যুৱক আৰু এটা কিশোৰ জড়িত আছে ৷ এজাহাৰৰ ভিত্তিত বিৰুবাৰী আৰক্ষীয়ে ক্ষীপতাৰে অভিযান চলাই বুধবাৰে দুই লম্পটক আটক কৰি অব্যাহত ৰাখে জেৰা

উল্লেখ্য যে, ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰা অনুসৰি কিশোৰী গৰাকী দেউতাকৰ স’তে মহানগৰীৰ বিৰুৱাৰী শংকৰপুৰৰ এটা ভাড়াঘৰত বাস কৰিছিল । আনহাতে যিটো ঘৰত পিতৃ- কন্যা ভাড়া কৰি আছিল ৷

সেই ভাড়াঘৰৰে মালিকৰ লম্পট পুত্ৰ আৰু তাৰ লগৰীয়া এজনৰ দ্বাৰা দীৰ্ঘদিন ধৰি ধৰ্ষণৰ বলি হৈ আছিল । দুয়ো লম্পটে পৃথকে পৃথকে কিশোৰী গৰাকীক যৌণ নিৰ্যাতন চলাই আহিছিল ৷

অৱশেষত দুৰ্গা পূজাৰ দশমীৰ দিনা ভুক্তভোগী কিশোৰী গৰাকীয়ে সমস্ত ঘটনাৱলী পিতৃ- মাতৃৰ আগত প্ৰকাশ কৰে ৷ লগে লগে কিশোৰী গৰাকীৰ পিতৃয়ে বিৰুবাৰী আৰক্ষী চকীত লম্পট যুৱক আৰু কিশোৰজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰে ৷

আনহাতে বিৰুবাৰী আৰক্ষীয়ে লম্পটদ্বয়ৰ বিৰুদ্ধে পকচো’ আইনৰ অধীনত ৪/৮ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনতৰ ৪৬৯/২৩, ৪৪৮, ৩০৬, ৩৪ নং ধাৰাত গোচৰ ৰুজু কৰিছে ।

আনহাতে বুধবাৰে বিৰুবাৰী আৰক্ষীয়ে কিশোৰী গৰাকীয়ে ভাড়া থকা মালিকৰ পুত্ৰ নয়ন বাঢ়ৈক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আনটো লম্পট কিশোৰক বিৰুৱাৰী শংকৰপুৰৰ ৰাজপথৰ পৰা আটক কৰে ৷ আটকাধীন কিশোৰজন মালিকৰ পুত্ৰ নয়ন বাঢ়ৈৰ আত্মীয় ৷

Exit mobile version