Bangladeshi Women Arrested In Tripura:বাংলাদেশৰ পৰা আহি ভাৰতীয় প্ৰেমিকৰে বিবাহপাশত আবদ্ধ হোৱা বিবাহিতা মহিলা গ্ৰেপ্তাৰ

bangladeshi women arrested

Bangladeshi Women Arrested In Tripura:

প্ৰেমে নামানে কোনো সীমাৰ পৰিধি ৷ ভাৰতীয় প্ৰেমিকক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে বাংলাদেশৰ পৰা অহা বিবাহিতা মহিলা গ্ৰেপ্তাৰ ত্ৰিপুৰাত ৷

অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰা বাংলাদেশী মহিলা গৰাকীক বৃহস্পতিবাৰে চুবুৰীয়া ত্ৰিপুৰাৰ উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰা আৰক্ষীয়ে ৷

ধৰ্মনগৰ আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ধৰ্মনগৰ মহকুমাৰ ফুলবাৰীৰ বাসিন্দা নুৰ জালাল নামৰ বিবাহিতা লোকজন প্ৰায়েই বাংলাদেশৰ মৌলৱী বজাৰলৈ আহযাহ কৰিছিল ৷ এনেদৰে অহাযোৱা কৰাৰ সময়তে ফাতেমা নুছৰত নামৰ বাংলাদেশী বিবাহিতা মহিলাৰে চিনাকি হয় ৷ এই চিনাকিৰে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ৷

ইয়াৰ পাছতে কিছুদিন পূৰ্বে বাংলাদেশী মহিলা গৰাকী নুৰৰ স’তে বিবাহপাশত আবদ্ধ হ’বলৈ অবৈধভাৱে অনুপ্ৰৱেশ কৰে ত্ৰিপুৰা ধৰ্মনগৰত ৷ পৰৱৰ্তী সময়ত নুৰৰ স’তে বিবাহপাশত আবদ্ধ হয় ফাতেমা নুছৰত ৷

অৱশ্যে ত্ৰিপুৰা আৰক্ষীয়ে গ’ম পাই ফাতেমা নুছৰত ভিছা অবিহনে ভাৰতত অনুপ্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বৃহস্পতিবাৰে ৷ আজি ধৰ্মপুৰ মহকুমা ন্যায়িক আদালতত আটকাধীন ফাতেমা নুছৰত হাজিৰ কৰাৰ পাছত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Exit mobile version