Inauguration Of New Cmo Block :জনতা ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

cm block 1

Inauguration Of New Cmo Block :

অসম সচিবালয়ৰ জনতা ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ভৱনটি শুক্ৰবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ৷

জনতা ভৱনৰ বি আৰু চি ব্লকৰ সমীপত নিৰ্মাণ কাৰ্যালয়টো আজিৰ পৰা আই ব্লক হিচাপে পৰিচিত হ’ব বুলি CMO কাৰ্যালয় ভৱনটি উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অসম সচিবালয়ৰ নৱনিৰ্মিত লোক সেৱা ভৱনটো আজি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। বৰ্তমানৰে পৰা লোক সেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু মুখ্য সচিবৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰী কাম-কাজসমূহ অধিক ক্ষিপ্ৰতাৰে আৰু সুচলভাৱে কৰিবলৈ সমৰ্থ হ’ব বুলি মন্তব্য কৰে ৷

উদ্বোধনীত মন্ত্ৰী অতুল বৰা,অজন্তা নেওগ,ইউ জি ব্ৰক্ষ্ম,জয়ন্ত মল্ল বৰুৱা,ড:ৰণোজ পেগু,পীযুষ হাজৰিকা ,অশোক সিংহল আৰু মুখ্য সচিব সহ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷

Exit mobile version