Isreal Hamas War :ইজৰাইল- হামাছৰ যুদ্ধৰ ফলত  মুম্বাই ষ্টক একচেঞ্জত তিনি লাখ কোটিৰ ক্ষতি !

stock

Isreal Hamas War :

ইজৰাইল-হামাছৰ যুদ্ধৰ ফলত অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈছে শ্বেয়াৰ বজাৰ। একেৰাহে ছদিন ধৰি শ্বেয়াৰ বজাৰত পতন অব্যাহত আছে। যোৱা ১৭ অক্টোবৰতে শেষৰবাৰ লাভৰ মুখ দেখিছিল বিনিয়োগকাৰীয়ে।

মুম্বাই ষ্টক একচেঞ্জত ছেনছেক্সৰ পতন ঘটে প্রায় পাঁচ শতাংশ টকাৰ হিচাপত তিনি লাখ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হয় বিনিয়োগকাৰীসকল। ইয়াকে ধৰি যোৱা ছদিনত কেৱল মুম্বাই ষ্টক একচেঞ্জতে ১৭ লাখ কোটি টকাৰ অধিক ক্ষতি হৈছে।

যোৱা অক্টোবৰত ছেনছেক্স আছিল ৬৬৪২৮.০৯ পইণ্ট। সেয়া ৬৩১৪৮.১৫লৈ হ্ৰাস পায়। ইয়াৰ পূৰ্বে যোৱা ২৭ জুনত ৬৩ হেজাৰৰ তললৈ নামিছিল ছেনছেক্স। অৱশেষত ই ক’ত গৈ ৰয় সেয়াই লক্ষ্যণীয়।

Exit mobile version