Lower Sobansri Power Project:নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অঘটন

খহি পৰিল গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ

sobansiri

Lower Sobansri Power Project:

এন এইছ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ক্ৰমাৎ মৰণফান্দত পৰিণত হৈছে ৷ যোৱা নিশা পুনৰ প্ৰকল্পত সংঘটিত হয় ভয়াৱহ অঘটনভূমিস্খলনৰ ফলত হঠাতে খহি পৰিল গেৰুকামুখ পাহাৰৰ এক বৃহৎ অংশ ৷

ফলস্বৰূপে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাহাৰৰ এক বৃহৎ অংশ খহি পৰাত লগে লগে বন্ধ হৈ পৰে প্ৰকল্পটোৰ পানী যোৱা পথ সমূহ ।  ততাতৈয়াকৈ বন্ধ কৰি দিয়া হয় বাওঁফালৰ এক নং ডাইভাৰ্চন টাৰ্নেল ৷ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে মুঠ আঠটা ডাইভাৰ্ছন টাৰ্নেল ৷

আনহাতে এই অঘটনৰ বাবেই সোৱনশিৰিৰ নামনি অংশৰ পানী দ্ৰুতগতিত হ্ৰাস পাইছে ৷ ৷ ইপিনে এনে অনাকাংক্ষিত ঘটনাক লৈ আতংকিত হৈ পৰিছে নৈ- পৰীয়া ৰাইজ ৷

উল্লেখ্য যে,গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত মাজে সময়ে সংঘটিত হোৱা নানান অঘটনে এক ভয়াৱহ ইংগিত দিছে যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ প্ৰকল্প নিৰ্মাণত যথেষ্ট আসোৱাহ ৰৈ যোৱাৰ অভিযোগ কৰিছে গেৰুকামুখৰ ৰাইজে ৷

শেহতীয়া খবৰ অনুসৰি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পত সংঘটিত ভূমিস্খলনৰ ফলত এজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে আন এজন শ্ৰমিক আহত হয় ৷ নিহত শ্ৰমিকজন অৰুণাচলৰ ৷ আনহাতে ঘটনাটোক গাপ দিয়াৰ চেষ্টা এন এইছ পি চি কৰ্তৃপক্ষৰ ৷

Exit mobile version