Majuli-Bound Ferry Stranded For Two Hours: ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন

মাজুলী অভিমুখী ফেৰী দুঘণ্টা ধৰি আবদ্ধ

ferry

Majuli-Bound Ferry Stranded For Two Hours:

মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন ৷ শুক্ৰবাৰে পুৱাভাগত মাজুলীৰ কমলাবাৰী ঘাটলৈ বুলি গৈ থকা ‘আৰ পি এল ডিগাৰু’ নামৰ যাত্ৰীবাহী ফেৰী খন হঠাতে আবদ্ধ হয় নদীৰ বুকুত ৷

দুঘণ্টা সময় ধৰি ফেৰী খন আবদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে ৷

উল্লেখ্য যে,শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবেই সংঘটিত হয় এই ঘটনা ৷ ফেৰীখনত আছিল মুঠ ১১৪ গৰাকী যাত্ৰী, ২৩ খন দুচকীয়া বাইক আৰু চাৰিখন চাৰিচকীয়া বাহন ৷

আনহাতে ফেৰীখন আবদ্ধ হোৱাৰ খবৰ পোৱাৰ পাছতে ততাতৈয়াকৈ উদ্ধাৰৰ বাবে আভ্যন্তৰীণ জলপৰিবহণ আৰু এছ ডি আৰ এফৰ বৰ্ট আৰু নাও ঘটনাস্থলীত উপস্থিত হয় ৷ বহু চেষ্টাৰ অন্তত পুনৰ ফেৰী খন সুকলমে ৰাওনা হয় কমলাবাৰী ঘাট অভিমুখে ৷

Exit mobile version