Mukesh Ambani:
ৰিলায়েন্সৰ মুৰব্বী তথা বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ ১০ নং স্থানত থকা উদ্যোগপতি মুকেশ আম্বানীক হত্যাৰ ভাবুকি অজ্ঞাত লোকৰ ৷
২০ কোটি টকা দাবীৰে অজ্ঞাত লোকে প্ৰখ্যাত উদ্যোগপতি গৰাকীলৈ ই-মেইলযোগে ভাবুকি প্ৰেৰণ কৰে ৷
উল্লেখ্য যে,শুক্ৰবাৰে আহিছিল ই- মেইলৰ ভাবুকি ৷ইতিমধ্যে ৰিলায়েন্স গ্ৰুপে ভাবুকি সন্দৰ্ভত গোচৰ ৰজু কৰিছে মুম্বাই আৰক্ষী আয়ুক্তালয়ত ৷
দেশৰ এক নম্বৰৰ ধন কুৱেৰজন জেড কেটেগৰী নিৰাপত্তা আৰু নিজৰ কেবাতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকে ৷
মুম্বাইৰ আৰক্ষীয়ে ৰিলায়েন্স কৰ্তৃপক্ষৰ পৰা অভিযোগ লাভ কৰাৰ পাছতে মুকেশ আম্বানিৰ মুম্বাই মহানগৰীৰ আল্টামাউন্ট ৰোডৰ কামবালা হিলত থকা এন্টিলীয়া বাসগৃহৰ চাৰিও দিশত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলি অজ্ঞাত লোকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷






























