Space Centre:অ’জন স্তৰৰ বিপন্নতা বৃদ্ধি কৰিছে মহাকাশৰ ‘আৱৰ্জনা’ই

space centre

Space Centre:

মহাকাশত বিভিন্ন ৰকেট অথবা উপগ্ৰহৰ পৰা এৰাই পৰা টুকুৰা জমা হৈ হৈ সৃষ্টি হয় এক ধাতৱ আবর্জনা; যাৰ নাম ‘মেটেল জাংক’। এই আবৰ্জনা জমা হৈ আছে পৃথিৱীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ওপৰতে । এতিয়া সেই ধাতুৰ পদাৰ্থই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰভাৱ পেলাইছে আৰু ইয়াকে লৈ উদ্বিগ্ন হৈছে বিজ্ঞানীসকল।

‘নেছনেল অচেনিক এগু এটম ‘স্ফিয়েৰ এডমিনিষ্ট্ৰেছন’ (এনা’এএ)ৰ তৰফৰ পৰা ভূ- পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ ওপৰত অৱস্থিত ষ্টেট স্ফিয়াৰত সেই ধাতব পদাৰ্থৰ সন্ধান কৰিবলৈ ‘স্ট্রেট স্ফেৰিক এৰ স্পেচ প্ৰচেছ, বাজেট এণ্ড ৰেডিয়েটিভ এফেক্টছ’ (এছএবিআই) মিছন নামৰ এক অভিযান চলাইছিল। তাৰ পৰা যি কেইটা গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে তাৰে অন্যতম এই তথ্যটো।

উক্ত অঞ্চলত অনুসন্ধান চলাই বিজ্ঞানীসকলে জনাইছে যে এলোমিনিয়াম আৰু অন্যান্য ধাতু ছালফিউৰিক এচিডৰ কণিকাৰ স’তে মিহলি হৈ আছে। এনে উপাদানৰ মিশ্ৰমৰ পৰাই পৰিষ্কাৰ হৈছে যে এইবোৰ আহিছে ৰকেট আৰু উপগ্ৰহৰ পৰা। তদুপৰি পোৱা গৈছে নিঅ’বিয়াম আক হাফনিয়াম।

এই পদাৰ্থবোৰ ক’ৰ পৰা আহিল সেয়া অৱশ্যে বিজ্ঞানীসকলে এতিয়াও আৱিষ্কাৰ কৰিব পৰা নাই। সকলো মিলাই পৰিস্থিতি উদ্বেগজনক বুলিয়ে গণ্য কৰিছে বিজ্ঞানীসকলে। তেওঁলোকৰ মতে, এইদৰে যদি ধাতৱ ‘আবর্জনা’ বাঢ়ি থাকে, তেনেহ’লে অচিৰেই অ’জন স্তৰত সমস্যাই দেখা দিব পাৰে। সেয়ে সমগ্ৰ পৰিস্থিতিৰ ফালে দৃষ্টি ৰাখিব বিচাৰিছে তেওঁলোকে।

অৱশ্যে ইয়াৰ লগতে আন এটা পৰিকল্পনাও কৰিছে বিজ্ঞানীসকলে। মহাকাশত কে’বা টন ছালফাৰ এৰ চেলৰ উপস্থিতিয়ে গোলকীয় উষ্ণতা কমোৱাত সাহায্য কৰে নেকি তাক লৈ বিজ্ঞানীসকলে চিন্তা-ভাবনা কৰিছে। যাতে ভৱিষ্যতে সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰি ঘূৰাই পঠাব পৰা যায়।

Exit mobile version