Stone Laying NH Project In Sankardev kalakhetra:প্ৰথমবাৰৰ বাবে অসমত একেলগে শিলান্যাস ২২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ দেশবাসীৰ বাবে উৎসৰ্গা কৰা হ’ল সদ্যনিৰ্মিত ৪টা ৰাষ্ট্ৰীয় ঘাইপথ

hbs 1

Stone Laying NH Project In Sankardev kalakhetra:

দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত আহি উপস্থিত হোৱা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কলাক্ষেত্ৰত বহু কেইটা প্ৰকল্প ঘোষণা কৰে ৷

প্ৰথমবাৰৰ বাবে অসমত একেলগে শিলান্যাস ২২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু দেশবাসীৰ বাবে উৎসৰ্গা কৰা হয় সদ্যনিৰ্মিত ৪ টা ৰাষ্ট্ৰীয় ঘাইপথ ৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে ছুইট টিপি প্ৰকল্প কেইটাৰ শিলান্যাস কৰে ৷ উল্লেখ্য যে প্রকল্প কেইটাৰ মুঠ প্ৰকল্প ব্যয় ১৭,৫০০ কোটি টকাৰ অধিক ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিঙৰ উপস্থিতিত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় , ‘মই যি কওঁ সেয়া মই কৰোঁ, মই যি কৰোঁ সেয়াই মই কওঁ ’৷ ৯.৫ বছৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অসমত ১ লাখ কোটি টকাৰ ৪০০০কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম হাতত লৈছে বুলি উল্লেখ কৰে গাডকাৰীয়ে ৷

উল্লেখ্য যে, গুৱাহাটীত নিৰ্মাণ অচিৰেই নিৰ্মাণ হ’ব ৰিং ৰোড ৷ ‘জালুকবাৰীৰ পৰা খানাপাৰা হৈ বাইহাটা চাৰিআলি -ছিপাঝাৰ কুৰুৱা-নাৰেংগী-সোণাপুৰ হৈ হ’ব ৰিং ৰোড ৷

আনহাতে কাজিৰঙা ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ নিৰ্মাণ হ’ব ৷ একেদৰে গোলাঘাট-নুমলীগড়ৰ পৰা গহপুৰলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ’ ৷ এই সুৰংগ নিৰ্মাণৰ দায়িত্ব দিয়া হয় লুইচ বাৰ্গাৰক ৷

ইপিনে কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ পৰা শোণিতপুৰ জিলাৰ সদৰ তেজপুৰলৈকে নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ৷

আনহাতে নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়ৰ পৰা কামাখ্যা ষ্টেচনলৈকে ৰোপৱে’ৰ প্ৰস্তাৱ অন্তভুৰ্ক্ত কৰা নতুন প্ৰকল্পত ৷

Exit mobile version