Wild Elephant Injured In Kandali:আঘাতপ্ৰাপ্ত বন্যহস্তীৰ চিৎকাৰত আতংকিত গঞা

wild elephant

Wild Elephant Injured In Kandali:

বন্যহস্তী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাৰ মাজতে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহোঁতে আঘাতপ্ৰাপ্ত হাতীৰ চিৎকাৰত আতংকিত হৈ পৰিছে গঞা ৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত বন্যহস্তীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে বন বিভাগক ।

খাদ্যৰ সন্ধানত কন্দলি আহুতলী গড়গাঁও পাহাৰৰ পৰা জনাঞ্চলৈ নামি অহা বন্যহস্তীটোক কোনো দুষ্ট লোকে আক্ৰমণ কৰাৰ ফলতে আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰিছে বন বিভাগে ৷ হাতীটোৰ ভৰিত আঘাতপ্ৰাপ্ত হোৱাত বিষত যথেষ্ট চিৎকাৰ কৰাত স্থানীয় লোক সকলো মিয়ম্ৰাণ হৈ পৰিছে ৷

ইতিমধ্যে কঠীয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে আঘাতপ্ৰাপ্ত হাতীটোৰ কল,কলগছ আদি খাদ্যৰ যোগান ধৰাৰ লগতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকৰ স’তে যোগাযোগ কৰিছে ৷

সম্প্ৰতি বনৰীয়া হাতীটোক নিৰীক্ষণত ৰাখিছে কঠিয়াতলী বন বিভাগে ৷

Exit mobile version