Baksa Border Police Detained Illegal Bangladeshi:অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বাক্সাত সীমান্ত আৰক্ষীৰ অভিযান

১৪গৰাকী পুৰুষ-মহিলাক গ্ৰেপ্তাৰ

detention 1

Baksa Border Police Detained Illegal Bangladeshi:

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বাক্সাত জিলাখনৰ সীমান্ত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে ৷ অভিযানত আটক কৰে ১৪ গৰাকীকৈ পুৰুষ-মহিলাক ৷ আটকাধীন সকলৰ ভিতৰত ৯ গৰাকী মহিলা আৰু পাঁচ গৰাকী মহিলা।

উল্লেখ্য যে,ধৃত লোককেইজনৰ বিৰুদ্ধে বাক্সাস্থ জিলা বিদেশী ন্যায়াধীকৰণত চলি আছিল কেতবোৰ গোচৰ৷ কিন্ত আদালতে বিচৰা ধৰণে দিবলৈ সক্ষম হোৱা নাছিল ভাৰতীয় নাগৰিকত্ব দাবী কৰিব পৰি প্ৰয়োজনীয় নথি-পত্ৰ

যাৰফলস্বৰূপে বিদেশী ন্যায়াধীকৰণ আদালতে বিদেশী ঘোষণা কৰিছিল ১৪ জনকে ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰে সীমান্ত আৰক্ষী ৷ গ্ৰেপ্তাৰ কৰা হয় আটাইকেইগৰাকী লোকক ৷

ইতিমধ্যে সীমান্ত আৰক্ষীয়ে আটকাধীন ১৪ জন লোকক কোকৰাঝাৰ আৰু গোৱালপাৰাস্থ ডিটেনচন কেম্পলৈ নিছে ৷

Exit mobile version