Nagaon Diphalu Incident:নগাঁৱৰ ডিফলুত চাঞ্চল্যকৰ ঘটনা !

পিতৃয়ে চুৰিৰে আঘাতপ্ৰাপ্ত কৰিলে নিজ পুত্ৰক

diohalu incident

Nagaon Diphalu Incident:

নগাঁও চহৰৰ পাশ্বৱৰ্তী ডিফলুত চাঞ্চল্যকৰ  ঘটনা ৷ পিতৃৰ চুৰিকাঘাতত গুৰুত্বৰভাৱে আহত নিজ পুত্ৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি ডিফলুৰ শিশুৰাম বৰা নামৰ লোকজনে মঙলবাৰে চুৰিৰে নিজপুত্ৰ চিন্ময়ক পেট আৰু মূৰত আঘাত কৰে ৷ তেজেৰে তুমৰলি হৈ গুৰুত্বৰভাৱে আহত হোৱা চিন্ময়ৰ স্থানীয়লোকে ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ৷

আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে শিশুৰাম বৰা ৷ই তিমধ্যে চিন্ময়ৰ মাতৃয়ে ইটাচালি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

আৰক্ষীয়ে শিশুৰামৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে,পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

Exit mobile version