Over Rs 3 lakh Looted By Robbers After Attacking Couple:বজাৰৰ মাজতে দম্পতীক আক্রমণ !

ডকাইতি লুট কৰি নিয়ে তিনি লক্ষাধিক টকা সহ সোণৰ আ-অলংকাৰ

hujai loots

Over Rs 3 lakh Looted By Robbers After Attacking Couple:

মানুহে গিজগিজাই থকা বজাৰত দম্পতীক আক্রমণ দুৰ্বৃত্তৰ ৷ ছজনীয়া ডকাইতৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটি নিয়ে তিনি লক্ষাধিক টকা সহ সোণৰ আ-অলংকাৰ ।

ADVERTISEMENT

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় হোজাইৰ চৌধুৰী বজাৰত ৷ ডকাইতৰ চোকা অস্ত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত দম্পতীহালক ইতিমধ্যে ভৰ্তি কৰা হৈছে হোজাইৰ হাম হাস্পতালত

উল্লেখ্য যে, এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনাৰ খবৰ পাই যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আহমেদে নিজা তৎপৰতাৰে আঘাতপ্ৰাপ্ত দম্পতীহালক নিজা খৰছত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰে ৷

আনহাতে ,বিধায়ক গৰাকীয়ে ডকাইতি দলটোক ক্ষীপতাৰে কৰায়ত্ত কৰিবলৈ হোজাইৰ আৰক্ষী অধীক্ষকক অৱগত কৰে ৷

Exit mobile version