Smuggler Arrested With Gold Biscuits:ভাৰত-ভূটান সীমান্তত সোণৰ বিস্কুটসহ আটক সৰবৰাহকাৰীক

gold biscuit

Smuggler Arrested With Gold Biscuits:

তামুলপুৰ জিলাৰ ভাৰত – ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ শশীপুৰ এছ এছ বি নিৰীক্ষণ কেন্দ্ৰত সোণৰ বিস্কুটসহ এজন লোকক আটক। আটকাধীন সৰবৰাহকাৰীজনে ভুটানৰ পৰা সোনখিনি লৈ আহোতে আটক হয় ।

প্ৰাপ্ত খবৰ অনুসৰি,এছ এছ বি ৬৪ নং বেটেলিয়নৰ দৰংগা স্পেচিয়েল অপাৰেচন গ্ৰুপ আৰু বি আই টি আউট পোষ্টৰ যৌথ অভিযানকাৰী দলৰ পৰিদৰ্শক এন কেচো সিঙৰ নেতৃত্বত চলা অভিযানতে সোণৰ বিস্কুটখিনি জব্দ কৰা হয়।

জব্দকৃত সোণখিনিৰ পৰিমাণ ৫০০ গ্ৰাম। ৩৫ লাখ টকা মূল্যৰ সোণখিনি ২৫ টা পেকেটত ভৰাই আনিছিল ধৃত সৰবৰাহকাৰীজনে ৷ আটকাধীন আব্দুল ৰহমান মুক্তাৰ লোকজনৰ ঘৰ বাংগালুৰুত ৷

আনহাতে জেৰাত সোণ সৰবৰাহকাৰীজনে সদৰি কৰা মতে,ভূটানৰ পৰা সোণ খিনি লৈ তামুলপুৰৰ মাজেদি গুৱাহাটী হৈ দিল্লীলৈ কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰিছিল ৷

ইতিমধ্যে বহি:ৰাজ্যৰ আন্ত:ৰাষ্ট্ৰীয় সোণ সৰবৰাহকাৰীজনক এছ এছ বি ৬৪ নং বেটেলিয়নৰ দৰংগা ইউনিটে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version