4 Arrested With Fake Money Making Machine:নকল টকা সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কচুৱাত

নকল টকা বনোৱা মেচিনসহ ৪ জনক আটক

fake note paddlar 1

4 Arrested With Fake Money Making Machine:

শেহতীয়াকৈ নগাঁও সহ গুৱাহাটীত গা কৰি উঠিছে নকল টকা প্ৰস্তুতকাৰী বৃহৎ চক্ৰ এটা ৷ ইতিমধ্যে কিছুদিন পূৰ্বে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ কে’বাটাও অঞ্চলত অভিযান চলাই কে’বা লক্ষাধিক নকল টকা, প্ৰিন্টাৰ আৰু সৰবৰাহকাৰীক আটক কৰাৰ পাছত নগাঁৱতো এনে চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে ৷

নগাঁৱৰ কচুৱাৰ শিমলুগুৰিত কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি নকল নোট বনোৱা মেচিন সহ এগৰাকী মহিলা সহ চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, নকল টকা বিক্ৰী কৰিবলৈ যাওতেই কচুৱা আৰক্ষীৰ জালত পৰে নকল নোটৰ সৰবৰাহকাৰী কেইজন ৷

ধৃত সৰবৰাহকাৰী কেইজন হ’ল নাগালেণ্ডৰ দম্পতী মিছ ভিচেনো,উইখান,শিমুলুগুৰিৰ ইদ্ৰিছ আলী আৰু কামপুৰৰ আনোৱাৰ হুছেইন ।

ইতিমধ্যে আটকাধীন সৰবৰাহকাৰী চাৰিজনক কচুৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version