BJP Kachugaon Meeting:গাম্বাৰীবিলত বিজেপিৰ কচুগাঁও মণ্ডলৰ উদ্যোগত ভিচিডিচি পৰ্যায়ৰ জনসভা অনুষ্ঠিত

meeting

BJP Kachugaon Meeting:

আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ গাম্বাৰীবিলত বিজেপিৰ কচুগাঁও মণ্ডলৰ উদ্যোগত ভিচিডিচি পৰ্যায়ৰ এক জনসভাৰ আয়োজন কৰে।

বিজেপিৰ কচুগাঁও মণ্ডলৰ অন্তৰ্গত গাৰ্ডেনপুৰ,গাম্বাৰীবিল,বৈৰালী আৰু ৰাইখুম্বাৰী ভিচিডিচিৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত আয়োজিত জনসভাত লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৌশিক ৰায় উপস্থিত থাকি দলৰ সাংগঠনিক দিশৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে ভাষণ প্ৰদান কৰে।

সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰগয়াৰী,কোকৰাঝাৰ জিলা বিজেপিৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক ৰিকেশ আগৰৱাল,কচুগাওঁ মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্ম,সম্পাদক স্বপন দৈমাৰী,কোকৰাঝাৰ জিলা বিজেপিৰ উপ -সভাপতি মানস প্ৰতিম ৰায়সহ  বিশিষ্ট ব্যক্তিসকল আৰু বিজেপি দলৰ আন আন নেতা-কৰ্মীসকল উপস্থিত থাকে।

Exit mobile version