Girls’ Football Team Formed In Kalipukhuri :কালীপুখুৰীত ছোৱালীৰ ফুটবল দল গঠন কৰি চৰ্চাত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান মুক্তা ৰায়

footbal team

Girls’ Football Team Formed In Kalipukhuri :

কালীপুখুৰীৰ এজন বিশেষ ব্যক্তি,যিজন ব্যক্তিয়ে সুদীৰ্ঘ ২৪ টা বছৰে ভাৰতীয় সেনাত থাকি দেশ সেৱা কৰি অৱসৰ গ্ৰহন কৰাৰ পিছত বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত অৱস্থিত কালীপুখুৰীৰ হাওৰীয়া মণ্ডল খেলপথাৰত নিজাববীয়াকৈ ফুটবলৰ প্ৰশিক্ষণ দি খুব কম সময়ৰ ভিতৰতেই এটি ছোৱালীৰ ফুটবল দল সাজু কৰি উলিয়াবলৈ সক্ষম হৈছে প্ৰাক্তন ভাৰতীয় সেনা জোৱান মুক্তা ৰায়ে।

সম্পূৰ্ণ বিনামূলীয়াকৈ ছোৱালী সকলক ফুটবল খেলৰ প্ৰশিক্ষণ দিয়াৰ লগতে শাৰীৰিক অনুশীলন তথা অঞ্চলৰ শিক্ষিত যুৱতী সকলক ভাৰতীয় সেনা বা অসম আৰক্ষীত যোগদান হবলৈ প্ৰাথমিক স্তৰৰ প্ৰয়োজনীয় কৌশল সমূহ খুব সুন্দৰকৈ শিকাই গৈছে।

ইতিমধ্যে ছোৱালী ফুটবল দলটোৱেও বিভিন্ন ঠাইত প্ৰতিযোগীতাত ভাগ লবলৈয়ো সাজু হৈ উঠিছে। এয়া যেন এক সুখৰ তথা গৌৰৱৰ বিষয় অঞ্চলবাসী ৰাইজৰ বাবে। সেয়ে এতিয়া মানুহৰ মূখে মূখে এটাই মাত্ৰ নাম মুক্তা ৰায়। অঞ্চলখনত বিভিন্ন বিশিষ্ট ব্যক্তি আছে যদিও আজিলৈ কিন্তু ছোৱালী সকলক খেলৰ প্ৰতি এনেদৰে উৎসাহ দিবলৈ আগবাঢ়ি অহা নাই,কিন্ত এই ক্ষেত্ৰত মুক্তা ৰায় ব্যতিক্ৰম।

লগতে মুক্তা ৰায়ে কয় যে এনেবোৰ ক্ষেত্ৰত ৰাইজ তথা অভিভাৱকৰ যথেষ্ঠ পৰিমানে সহায় সহোযোগীতা পাইছে আৰু আগলৈয়ো এনেদৰে সহায় সহযোগীতা আগবঢ়াবলৈ আহ্বান জনায় আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইচ্ছুক লৰা-ছোৱালী সকলক আগুৱাই আহিবলৈ অনুৰোধ জনায়,যাতে তেওঁলোকে নিজৰ শাৰীৰিক সুস্থতাৰ লগতে নিজৰ নিজৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হয়।

সম্পূৰ্ণ বিনামূলীয়া তথা এক মহৎ কৰ্মই আজি অঞ্চলবাসী ৰাইজৰ বাবে যি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে মুক্তা ৰায়ে তাৰ বাবে তেখেতলৈ সকলোৱে শুভেচ্ছা যাছে ৷

Exit mobile version