Dacoit Amar Thapa killed in Police firing :গোৱালপাৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত অমৰ থাপা সহ ২ ডকাইত, সংঘৰ্ষত আহত তিনি আৰক্ষী

goalpara 1

Most Wanted Dacoit Amar Thapa killed in Police firing :

সোমবাৰে নিশা গোৱালপাৰা জিলাৰ আগিয়াত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী ৷ এই মুখামুখি গুলীয়াগুলীত থিতাতে নিহত হয় দুজন কুখ্যাত ডকাইত নিহত ৷

নিহত দুজনৰ ভিতৰত এজন মষ্ট ৱাণ্টেড ডকাইত অমৰ থাপা আৰু আনটো আনজন শ্বেখ ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে নিহত ডকাইত দুটা পৰা সজীৱ গুলীসহ ২টা পিষ্টল আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিছে ৷

আৰক্ষী – ডকাইতৰ মুখামুখি সংঘৰ্ষৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে সাংবাদিকক সদৰি কৰা মতে, আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ উদ্দেশ্যৰে গটা ডকাইতৰ দলে খাপ পিটি থকাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷

এই খবৰ লাভ কৰি গোৱালপাৰাৰ আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ অপৰাধ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত আগিয়া আৰক্ষীৰ দল এটাই ৰাজপথত ডকাইতৰ দলে ব্যৱহাৰ কৰা বাহনক লক্ষ্য কৰি আৰম্ভ কৰে মাৰাথন অভিযান ।

এনে অৱস্থাতে ডকাইতৰ দলটোৱে আৰক্ষীক প্ৰত্যক্ষ কৰি গুলীবৰ্ষণ কৰে ৷ গুলীইে আঘাত হাতে এএছপি ঋতুৰাজ দলেৰ স্কৰপিঅ’ বাহন খনত । আনহাতে আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়ে ৷ ইয়াৰ মাজতে আৰক্ষীৰ গাড়ীয়ে ডকাইতৰ গাড়ীখনক প্ৰচণ্ডভাৱে খুন্দিওৱাত ডকাইতৰ‌ দলটোৱে গাড়ীৰ পৰা নামি এন্ধাৰৰ সূযোগ লৈ পথৰ কাষৰ জংঘললৈ পলায়ন কৰে ৷

আৰক্ষীয়ে পলায়ন কৰা ডকাইতৰ দলটোক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত ডকাইতৰ দলটোৱে গুলীচালনা কৰে ৷ বিশ মিনিট ধৰি অব্যাহত থকা এই গুলীয়াগুলীত গুৰুত্বৰভাৱে আহত হয় মষ্ট ৱাণ্টেড ডকাইত অমৰ থাপা আৰু শ্বেখ ফৰিদুল ৷

দুয়োটাকে ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ সন্দেহ কৰা মতে আৰক্ষীৰ গুলীত ঘটনাস্থলীতে মৃত্যু হয় দুই ডকাইতৰ ৷

আনহাতে আন ডকাইত জংঘলত থকাৰ সন্দেহ প্ৰকাশ কৰি আগিয়া আৰক্ষীয়ে মঙলবাৰে পুৱালৈকে অভিযান চলাই যদিও সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল আন ডকাইতৰ ৷

আনহাতে ডকাইতৰৰে সংঘৰ্ষত আৰক্ষীৰ স্কৰপিঅ’ বাহন এখন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সামান্য আঘাতপ্ৰাপ্ত হয় আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস ৷ দাসক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আঘাত গুৰুত্বৰ নোহোৱাত চিকিৎসকে চিকিৎসাৰ অন্তত যাবলৈ দিয়ে ৷

উল্লেখ্য যে,কুখ্যাত ডকাইত অমৰ থাপাই অসম আৰু চুবুৰীয়া মেঘালয় আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল ৷

গোৱালপাৰা আৰক্ষীৰ হাতত পূৰ্বেই একাধিকবাৰ আটক হৈ কাৰাবৰণ ঘাটি পুনৰ জেলৰ পৰা ওলাই নামি পৰে ডকাইতি সহ নানান অপৰাধমূলক কামত ৷

সোমবাৰে নিশা গোৱালপাৰা আৰক্ষীৰ হাতত অমৰ থাপা নিহত হোৱাৰ খবৰ বিয়পি পৰাত স্বস্তিৰ নিশ্বাস এৰিছে গোৱালপাৰা, আৰু কামৰূপ জিলা সহ চুবুৰীয়া মেঘালয়ৰ ৰাইজ ৷

Exit mobile version