Dispur police arrest much-debated MLA Aftabuddin Mollah:দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ বহুবল্কী কংগ্ৰেছী বিধায়ক আফতাবউদ্দিন মোল্লাক

সাধু-নামঘৰীয়াক ধৰ্ষণকাৰী বুলি উপলুঙা কৰি বিপদত বিধায়ক মোল্লা, আৰক্ষী থানাত এজাহাৰ দিছিল ভেটাপাৰাৰ এজন লোকে, আৰক্ষী আয়ুক্তৰ মাৰাথন জেৰা , কৈফিয়ৎ তলব এপিচিচিৰ, কংগ্ৰেছৰ আফতাবুদ্দিন মোল্লা সন্দৰ্ভত মুখ খুলিব নোৱাৰিব কোনো কংগ্ৰেছীয়ে, এপিচিচিৰ কঠোৰ নিৰ্দেশনা প্ৰতিগৰাকী কংগ্ৰেছীলৈ

mla mollah ARRESTED

Dispur Police Arrest Much-Debated MLA Aftabuddin Mollah:

মন্দিৰৰ সাধু, নামঘৰীয়াৰ বিৰুদ্ধে অপমানসূচক তথা উগ্র সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিলে জলেশ্বৰৰ বিধায়ক আফতাবউদ্দিন মোল্লাক ।

দিছপুৰত থকা পূব গুৱাহাটী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে নামঘৰীয়া আৰু পূজাৰী সন্দৰ্ভত বিধায়কজনে কৰা বহু বিতৰ্কিত মন্তব্য সন্দৰ্ভত মহানগৰীৰ ভেটাপাৰাৰ এজন লোকে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত নিশাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ বিধায়কজনক।

উল্লেখ্য যে,দিছপুৰৰ বিধায়ক আৱাসৰ এফ ব্লকত থকা ধুবুৰীৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ আৱাসত জিৰণি লৈ থকা অৱস্থাতে পূৰ্ব আৰক্ষীৰ এটা দলে গৈ গ্রেপ্তাৰ কৰে মোল্লাক ।

সতীৰ্থ বিধায়কৰ আৱাসৰ পৰা গ্ৰেপ্তাৰ পাছত জলেশ্বৰৰ বিধায়কজনক অসম বিধানসভা সচিবালয়ৰ চৌহদতে থকা পূব গুৱাহাটী আৰক্ষীৰ উপ- আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ আনি তাতে সোধপোছ আৰম্ভ কৰা হয়।

বিধায়কজনে কি পৰিস্থিতিত সনাতনী হিন্দু সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে এনে কটু মন্তব্য কৰিছিল বা কি উদ্দেশ্যৰে এই মন্তব্য কৰিছিল সেই বিষয়ক লৈ আৰক্ষীয়ে সোধপোছ কৰে। বিধায়কজনক গ্ৰেপ্তাৰৰ পাছতে উপ- আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই মোল্লাক আৰম্ভ কৰে মাৰাথন জেৰা

উল্লেখ্য যে জলেশ্বৰৰ বিধায়কজনে যোৱা চাৰি নৱেম্বৰত গোৱালপাৰাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত মন্দিৰৰ সাধু-নামঘৰীয়াই ধৰ্ষণ কৰে তথা আন কেতবোৰ স্পর্শকাতৰ মন্তব্য কৰিছিল।

বিধায়কজনে হিন্দু সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে এনে চৰম উপলুঙা তথা উগ্র সাম্প্ৰদায়িক মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিভিন্ন দল-সংগঠনে বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

আনকি কংগ্ৰেছবো একাংশ জ্যেষ্ঠ নেতাই বিধায়কজনক তেওঁৰ এই মন্তব্যৰ ৰাবে ৰাজহুৱা ক্ষমা খুজিবলৈ আহ্বান জনাই সতীর্থ বিধায়কজনৰ বক্তব্যৰ ছবিৰোধিতা কৰে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পাছতে বিধায়কজনে পাঁচ নৱেম্বৰত তেওঁৰ মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰি ৰাইজৰ ওচৰত ক্ষমাও খুজিছিল ।

ইফালে, কংগ্ৰেছ বিধায়কজনৰ উগ্র সাম্প্রদায়িক মন্তব্যক লৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি বিধায়কজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে ক্ষমা খুজিলেই সকলো শেষ হৈ নাযায়। আইনতকৈ ঊর্ধ্বত কোনো নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে পুৰোহিত, নামঘৰীয়াৰ বিৰুদ্ধে কৰা উপলুঙা, পূৰ্বে ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে কৰা অপমান আদি বিষয়সমূহৰ বিৰুদ্ধে সঠিক সময়ত ব্যবস্থা গ্ৰহণ কৰা হ’ব।

কংগ্ৰেছ বিধায়কজনে এই সাম্প্রদায়িক মন্তব্য কৰাৰ পাছত ক্ষমা খোজাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৈছিল যে ক্ষমা খোজাটা ৰাজনীতিতহে হয়, আইনত নাই। আদালতত কোনো বিচাৰপতিৰে ক্ষমা দিয়াৰ কৰ্তৃত্ব নাথাকে। গতিকে বিধায়কজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’বই বুলি মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল।

মুখ্যমন্ত্রী ড° শৰ্মাই আফতাবউদ্দিন মোলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়াৰ পাছতে গুৱাহাটীৰ ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ এজন সচেতন লোকে মঙলবাৰে দুপৰীয়া দিছপুৰত থকা পূব গুৱাহাটী আৰক্ষীৰ উপ-আয়ুক্ত আৰক্ষীৰ কাৰ্যালয়ত কংগ্ৰেছ বিধায়কজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি হিন্দু সভ্যতাক তেওঁ কৰা অপমানৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি মঙলবাৰে নিশা ৯-৫৫ বজাত দিছপুৰ বিধায়ক আৱাসত সতীর্থ বিধায়কৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাৰ পৰা আৰক্ষীয়ে মোল্লাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি ভেটাপাৰাৰ লোকজনে কৈছিল যে কংগ্ৰেছ বিধায়কজনে নামঘৰীয়া আৰু সাধু- সন্তৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি কেৱল হিন্দুকে ক্ষুণ্ণ কৰাই নহয়, বৰঞ্চ হিন্দু- মুছলমানৰ মাজত বিদ্বেষৰ সৃষ্টি কৰাৰ অপচেষ্টা চলাইছিল। এই কুকৰ্মৰ বাবে হিন্দু সমাজে বিধায়কজনক কোনোপধ্যে ক্ষমা কৰিব নোৱাৰে বুলি মন্তব্য কৰি এজাহাৰকাৰীয়ে বিধায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে ,নিশা কংগ্ৰেছ বিধায়কজনক গ্ৰেপ্তাৰৰ পাছতে মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সাংবাদিকৰ আগত কয় যে ৰাজহুৱা স্থানত ৰাজনৈতিক নেতাই ঘৃণাসূচক মন্তব্য কৰিলে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ আছে।

ন্যায়ালয়ে আৰক্ষীক নিৰ্দেশ দিছিল যে ঘৃণাসূচক মন্তব্য কৰা ব্যক্তিৰ বিরুদ্ধে যদি কোনো পক্ষই এজাহাৰ দাখিল কৰে তেন্তে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগিব আৰু যদি কোনেও এজাহাৰ দাখিল নকৰে তেতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিব।

মহানগৰ আৰক্ষীৰ আয়ুক্তজনে এই প্রসংগত কয় যে যিহেতু আজি এজন লোকে এখন এজাহাৰ দাখিল কৰিছে, সেয়েহে সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিধায়কজনক সোধপোছৰ বাৰে থানালৈ অনা হৈছে। পৰৱৰ্তী সময়ত যাবতীয় কার্যব্যবস্থা গ্রহণ কৰা হ’ব।

ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছেও বিধায়ক আফতাবউদ্দিন মোল্লাই মন্দিৰৰ সাধু নামঘৰীয়াৰ বিৰুদ্ধে যোৱা চাৰি নৱেম্বৰত কৰা সাম্প্রদায়িক মন্তব্যৰ বিৰোধিতা কৰি বিধায়কজনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জাৰি কৰা এই জাননীত বিধায়কজনৰ মন্তব্যক লৈ প্ৰদেশ কংগ্ৰেছ অসন্তুষ্ট বুলি স্পষ্ট কৰি দি তেওঁৰ মন্তব্য তৎকালে প্ৰত্যাহাৰৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ নির্দেশ দিছিল।

জাননীত সভাপতি বৰাই এইবুলি কৰিছে- ‘বিগত ৰাজ্যসভাৰ নির্বাচনত আপুনি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপি সমর্থিত প্রার্থীৰ ভোটদান কৰা বুলি ৰাজহুৱাভাৱে মন্তব্য কৰিছিল। সেয়েহে বিধায়কজনৰ বিৰুদ্ধে কিয় দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব সেই সম্পৰ্কত কাৰণ দৰ্শাবলৈ বিধায়কজনৰ বিৰুদ্ধে মঙলবাৰেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিজ্ঞান কাৰণ দশোৱাৰ জাননী জাৰি কৰিছিল।

আনহাতে আজি এপিচিচিয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰতিগৰাকী কংগ্ৰেছীলৈ ৷ কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লা সন্দৰ্ভত মুখ খুলিব নোৱাৰিব কোনো কংগ্ৰেছীয়ে ৷

মনকৰিবলগীয়া যে,বিতৰ্কিত বিধায়ক মোল্লাক আটক কৰাৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে যাৱতীয় অনুমতি লৈছিল অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

Exit mobile version