Jubin Garg Suddenly ill:হঠাতে অসুস্থ জুবিন গাৰ্গ

নেমকেয়াৰ হাস্পতালৰ আই চিইউত ভৰ্তি হাৰ্টথৱ গৰাকীক, চিন্তাৰ কাৰণ নাই বুলি সদৰি কৰে ডা:হিতেশ বৰুৱাই

jubingaga rill

Jubin Garg Suddenly ill:

হঠাৎ অসুস্থ জুবিন গাৰ্গ ৷ ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী ৷ তততাতৈয়াকৈ ভৰ্তি কৰা হয় মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ৷ ওৰেটো নিশা নিজৰ ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাতে ঢলি পৰিছিল হাৰ্টথৱ গৰাকী ৷

নেমকেয়াৰৰ আই চি ইউত চিকিৎসাধীন হৈ থকা জনপ্ৰিয় কন্ঠ শিল্পী গৰাকীৰ কাষত উপস্থিত হৈছে পত্নী গৰিমা গাৰ্গ ৷ হাৰ্টথৱ গৰাকীৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে অসমবাসী তথা তেওঁৰ অনুৰাগীৰ মাজত বিৰাজ কৰিছে উৎকণ্ঠাৰ ৷

ইতিমধ্যে হাস্পতালত জুবিন গাৰ্গৰ বিপি, ব্লাড টেষ্ট, ইচিজি, চিটি স্কেন আদি কেইবাটাও টেষ্ট কৰা হৈছে৷ আনহাতে,নেমকেয়াৰ হাস্পতালৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা তদাৰক কৰিছে জুবিনৰ ৷

জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত নেমকেয়াৰ হাস্পতালৰ মুৰব্বী ডাঃ হীতেশ বৰুৱাই কয় যে,সম্প্ৰতি জুবিনৰ স্বাস্থ্য পূৰ্বকৈ যথেষ্ট ভাল ৷ চিন্তাৰ কোনো কাৰণ নাই ৷ অত্যাধিক পৰিশ্ৰমৰ বাবে অসুস্থ হৈ পৰিছিল ৷ কিছু বিশ্ৰামৰ প্ৰয়োজন ৷

Exit mobile version