Aap Pressmeet In Guwahati:কৰ্মচাৰীৰ প্ৰাপ্য ডিয়াৰনেছ ভাট্টাকে দিপাৱলীৰ উপহাৰ হিছাপে ঢোল পিটিছে অসম চৰকাৰেঃ আপ অসম

দিল্লীৰ আপ চৰকাৰৰ কৰ্মচাৰীলৈ অৰবিন্দ কেজৰীৱালৰ ৭০০০ টকাকৈ দীপাৱলীৰ উপহাৰ

aap pressmeet

Aap Assam  Pressmeet In Guwahati:

৭ নবেম্বৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ঘোষণা কৰা ডিয়াৰনেছ ভাট্টাক লৈ জাঙুৰ খাই উঠিছে আপ অসম

আজি আম আদমি পাৰ্টী অসমৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই কয় যে সপ্তম পে’ কমিছন অনুসৰি বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰী কৰ্মচাৰী সকললৈ ৰাজ্য চৰকাৰ সমূহে বৰ্দ্ধিত ডিয়াৰনেছ ভাট্টা আগবঢ়াবলৈ আৰম্ভ কৰিছে ৷

তাৰে পৰিপ্ৰেক্ষিতত অসমৰ বিজেপি চৰকাৰেও ৪% ভাট্টা ডিচেম্বৰ মাহৰ পৰা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এতিয়া উদ্বেগজনক কথাটো হ’লযে অসম চৰকাৰে কৰ্মচাৰী সকলৰ প্ৰাপ্য ভাট্টাকে দিপাৱলীৰ উপহাৰ হিচাপে ৰঙীন কাগজেৰে মেৰিয়াই ফটাঢোল কোবাইছে ৷

উল্লেখযোগ্য যে এই দীপাৱলীৰ বনাচ আকৌ কৰ্মচাৰী সকলে হয়তু অহা বছৰলৈহে লাভ কৰিব৷ জুলাইৰ পৰা লাভ কৰিবলগীয়া বকেয়া ভাট্টা আকৌ ইনষ্টলমেণ্টতহে লাভ কৰিব কৰ্মচাৰীয়ে ৷

ইতিমধ্যেই দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰে সকলো ৰাজ্যিক কৰ্মচাৰীলৈ ৭০০০ টকাকৈ দীপাৱলীৰ বোনাচ ঘোষণা কৰিছে ৷

মুদ্ৰাস্ফীতিত ককবকাই থকাৰ সময়তে বিজেপিৰ  চৰকাৰে কৰ্মচাৰীসকলক এনেদৰে আভুৱাভাৰিবলৈ কৰা অপচেষ্টাক নিন্দা কৰি দিল্লী চৰকাৰৰ আৰ্হিৰ অনুকৰণ কৰিবলৈ দাবী জনাই  আপ অসমে ৷

আনহাতে এই সংবাদমেলতে আপ অসমৰ যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই কয় যে চৰকাৰে পাৰিতোষিকৰ নামত আশা কৰ্মী সকলক পুতৌলগা মাননি প্ৰদানেৰে অন্যায় কৰিছে ৷  ৰাজ্যজুৰি অব্যাহত থকা আশা কৰ্মী সকলৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আপ অসমে আগবঢ়াইছে ৷

ইতিমধ্যেই আপ অসমে ভিন্ন সময়ত আশা কৰ্মী, আঙ্গনবাড়ী কৰ্মী আৰু ৰান্ধনী সহায়িকা সকলৰ হৈ চৰকাৰক দাবী জনাই আহিছে ৷ কিছুবছৰৰ আগতে আশাকৰ্মী সকলৰ বাবে চৰকাৰে মাহিলী ৩০০০ টকাকৈ দৰমহা ঘোষণা কৰিছিল যদিও তথ্য অনুসৰি এইয়া মাথোঁ উদগনিমূলক মাননিহে ৷

এই টকাৰে এটা পৰিয়াল চলাতো বাদেই এজন মানুহৰে ভাত মুকলি নহয় ৷ কষ্টকৰ টাৰ্গেট সমূহ পূৰণ কৰাৰ পিছতো কিন্তু কেতিয়াবা ৬ মাহলৈকে মাননি নাপায় আশা কৰ্মী সকলে ৷

যিকোনো চৰকাৰী বিভাগে আশা কৰ্মী সকলক ভিন্ন কামত নিয়োজিত কৰোৱাই কেতিয়াবা পাবলগীয়া পাৰিতোষিকো নিদিয়ে ৷ ৰ’দ বৰষুণক ভ্ৰূক্ষেপ নকৰি ভেকচিন কেৰিয়াৰ কান্ধত লৈ ঘৰে ঘৰে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বাবদ দিনটোৰ হিচাপত চৰকাৰে দিয়ে মাত্ৰ ৭৫ টকা ৷ কৰ’ণা কালত দিনে নিশাই জনসেৱা কৰা আশা কৰ্মী সকলক নিৰ্বাচনৰ সময়তো কামত লগালে অসম চৰকাৰে ৷

কিন্তু পৰিতাপৰ বিষয়যে আজি পৰ্যন্ত সৰহসংখ্যক আশাই নাপালে মাননি ৷ বহুতো আশা কৰ্মীয়ে সংঘবদ্ধভাবে আহ্বান জনোৱাৰ পিছতো চৰকাৰে আশা সকলক Volunteer Worker (স্বেচ্ছাসেৱী কৰ্মী)ৰ নাম দি উপহাস কৰিছে ৷

কুষ্ঠৰোগৰ চিনাক্তকৰণৰ বাবে আশাকৰ্মী সকলক উপযুক্ত প্ৰশিক্ষণৰ অবিহনে নিয়োজিত কৰি দৈনিক মাথোঁ ৭৫ টকাকৈ মজুৰিৰ প্ৰতিশ্ৰুতি দিয়াত ক্ষুণ্ণ হৈছে আম আদমি পাৰ্টী ৷ অম্লানজ্যোতি হাতীবৰুৱাই কয় যে ২০২১ চনৰ আগষ্ট মাহৰ কুষ্ঠৰোগ জৰীপৰ মাননি এতিয়াও লাভ কৰা নাই আশা কৰ্মী সকলে ৷

আপ অসমে অতিশীঘ্ৰে আশা কৰ্মী সকলৰ বকেয়া মাননি মোকলাই দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে আশা কৰ্মী সকলক শ্ৰম আইন অনুসৰি মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী জনাই ৷

সংবাদমেলত আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথ আৰু আৰতি দেৱীও উপস্থিত থাকে ৷

Exit mobile version