Rape Case In kokrajhar:কোকৰাঝাৰৰ নয়াছৰাত ভয়ংকৰ কাণ্ড

পথাৰৰ মাজত হাত,ভৰি বন্ধা অৱস্থাত উদ্ধাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী

rape case

Rape Case In kokrajhar:

কোকৰাঝাৰৰ নয়াছৰাত ভয়ংকৰ কাণ্ড ৷ পথাৰৰ মাজত হাত,ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰী ৷ মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা কিশোৰী গৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ইতিমধ্যে কিছু সুস্থ অনুভৱ কৰা কিশোৰী গৰাকীয়ে সদৰি কৰা মতে,তেওঁক  নিজ বাসগৃহ পৰা ছামিনুৰ ইছলাম নামৰ যুৱকজনে অপহৰণ কৰি নি অজান স্থানত পাচঁজনৰ যুৱকৰ স’ত মিলি দলবদ্ধভাবে বলাৎকাৰ কৰে ৷

পাছত মৃতপ্ৰায় হৈ পৰাত এনেদৰে হাত- ভৰি বান্ধি পথাৰৰ মাজত পেলাই পলায়ন কৰে ছামিনুৰ ইছলাম সহ পাঁচ যুৱক ৷

দুৰ্ভগীয়া কিশোৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ আগত ঘটনা সৱিশেষ সদৰি কৰাৰ পাছতে ধৰ্ষণকাৰী যুৱক কেইজনক কৰায়ত্ত কৰিবৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version