Barpeta Satra PIL:বৰপেটাৰ সত্ৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধৰ বিৰুদ্ধে ৰাজহুৱা স্বার্থজড়িত আবেদন

চাৰি সপ্তাহ পাছত শুনানিৰ দিন ধাৰ্য , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জাননী জাৰি কৰিলে চৰকাৰ-বৰপেটা সত্ৰলৈ

barpeta satra

Barpeta Satra PIL:

সত্ৰনগৰী খ্যাত বৰপেটাৰ সত্ৰসমূহত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে অধিবক্তা সন্দীপ চহৰীয়াই।

অধিবক্তা চহৰীয়াই আবেদনত কয় যে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, সত্ৰ বাৰাদি আৰু গণককুছি সত্ৰৰ পৰিচালনা সমিতি তথা কীৰ্তন ঘৰৰ স’তে জড়িত লোকসকলে পৰম্পৰা-ঐতিহ্য অনুসৰি সত্ৰৰ ভিতৰত নাৰীৰ প্ৰৱেশত বাধা দি আহিছে ।

বৰপেটাৰ সত্ৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশৰ সম্পৰ্কত এটা পক্ষই পৰম্পৰা ভংগ কৰিব নিবিচাৰে আৰু আন এটি পক্ষই যুক্তিযুক্ত তথ্য উত্থাপন কৰি সত্ৰৰ ভিতৰত মহিলাৰ প্ৰৱেশত সম্মতি দিব বিচাৰে।

অধিবক্তা চহৰীয়াই কয় যে ২০১৭ৰ ছেপ্টেম্বৰত কোলাৰ বিখ্যাত সৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ বিষয়ক এটা গোচৰত উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে লিংগ নির্বিশেষে হিন্দু তীর্থযাত্রী এই মন্দিৰত প্ৰৱেশ কৰিব পাৰে।

এনে ধৰণৰ নিষেধাজ্ঞাই দেশৰ সংবিধানৰ অনুচ্ছেদ ১৪ ৰ অধীনত সমতাৰ অধিকাৰ আৰু ১৯ৰ অধীনত ধৰ্মৰ স্বাধীনতা উলংঘন কৰে। উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে আঠ বছৰীয়া পুৰণি প্ৰথাক অস্বীকাৰ কৰি মন্দিৰত নাৰী প্ৰৱেশৰ সপক্ষে ৰায় দান কৰাৰ লগতে লিংগভিত্তিক পূজা-অৰ্চনা তথা শ্ৰদ্ধাৰ বিষয়টোত ভেদভাব কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে।

উক্ত প্ৰসংগ উত্থাপন কৰি বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ বিষয়টোক লৈ অধিবক্তা চহৰীয়াই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰ তথা বৰপেটা সত্ৰসমূহৰ পৰিচালনা সমিতিলৈ জাননী জাৰি কৰে। চাৰি সপ্তাহৰ পাছত গোচৰ (গোচৰ নম্বৰ ৬৮/২০২৩)ৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

Exit mobile version